মণিপুৰৰ পঞ্জীয়ন নম্বৰৰ এখন ৰঙা বলেৰো বাহনেৰে টেবলেটখিনি মেঘালয়ৰ ফুলবাৰীৰ পৰা অহা দুজন লোকক দিবলৈ আহিছিল বুলি জানিব পৰা গৈছে৷
মণিপুৰৰ পঞ্জীয়ন নম্বৰৰ এখন ৰঙা বলেৰো বাহনেৰে টেবলেটখিনি মেঘালয়ৰ ফুলবাৰীৰ পৰা অহা দুজন লোকক দিবলৈ আহিছিল বুলি জানিব পৰা গৈছে৷
গোৱালপাৰা আৰক্ষীৰ বৃহৎ সফলতা৷ এক গোপন সূত্ৰৰ পম খেদি গোৱালপাৰাৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ–আৰক্ষী অধীক্ষকৰ নেতৃত্বত দুধনৈ আৰক্ষীৰ বৃহৎ এটা দলে চলাইছিল অভিযান৷ অভিযান কালতে দুধনৈৰ নিকটৱৰ্তী ফফলৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মণিপুৰৰ পৰা অহা মহিলাৰ লগতে তিনিগৰাকী লোকে মেঘালয়ৰ ফুলবাৰীৰ দুজন লোকক নিচাজাতীয় টেবলেটখিনি দি টকা ল’ব ধৰোতেই আৰক্ষীয়ে হাতে–লোটে কৰায়ত্ত কৰে যদিও দুজনে পলায়ন কৰিবলৈ সক্ষম হয়৷
লগে লগে আৰক্ষীৰ এটা দলে পলায়ন কৰা দুয়োজনক খেদি যায় আৰু কিছু দূৰত এজনক আটক কৰিবলৈ সক্ষম হয় যদিও এজন পলাই যাবলৈ সক্ষম হয়৷ বাহনৰ বেকলাইটৰ ভিতৰত লুকাই ৰখা অৱস্থাত ২১ লাখ ৫০ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে। কৰায়ত্ত হোৱা চাৰিগৰাকীৰ ভিতৰত তিনিগৰাকীয়ে মণিপুৰৰ৷ ইয়াৰ ভিতৰত আছে এগৰাকী মহিলাও৷
মণিপুৰৰ পঞ্জীয়ন নম্বৰৰ এখন ৰঙা বলেৰো বাহনেৰে টেবলেটখিনি মেঘালয়ৰ ফুলবাৰীৰ পৰা অহা দুজন লোকক দিবলৈ আহিছিল বুলি জানিব পৰা গৈছে৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে বাহন দুখন সলনি কৰিবলৈ লওঁতে আৰক্ষীৰ জালত পৰে৷ ইয়াৰে দুজন লোক পলাইছিল যদিও এজনক আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে আৰু এজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷
আনহাতে এখন বাহনৰ বেক লাইটৰ ভিতৰত টকা আৰু এখন বাহনৰ টেলৰ টেংকীত টেবলেট খিনি লৈ আহিছিল৷ আৰক্ষীয়ে দুখন বাহন জব্দ কৰিছে৷ ইফালে জব্দকৃত টেবলেট খিনিৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আটকাধীন লোক কেইজনৰ পৰিচয় আৰক্ষীয়ে এতিয়াও সংবাদ মাধ্যমক জানিবলৈ দিয়া নাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|