সাৱধান! যোৰহাটত হাতত মাৰণাস্ত্ৰ লৈ ঘূৰিছে ড্ৰাগছ আসক্ত যুৱক

আৰক্ষীয়ে আটাইকেজন যুৱকৰ পৰা মুঠ প্ৰায় ৬ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিছে।
আৰক্ষীয়ে আটাইকেজন যুৱকৰ পৰা মুঠ প্ৰায় ৬ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিছে।
- News18 Assam
- Last Updated: February 5, 2021, 5:43 PM IST
যোৰহাটৰ নগৰ , গাঁও সকলোতে ভয়ংকৰ ৰূপত গা কৰি উঠিছে অবৈধ ড্ৰাগছৰ প্ৰচলন। যোৰহাট নগৰত বৃহস্পতিবাৰে আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি ড্ৰাগছ বিৰোধী এক অভিযান আৰম্ভ কৰে। এই অভিযানত আৰক্ষীয়ে সন্দেহজনক ব্ৰাউন চুগাৰ আৰু পিষ্টলসহ চাৰিজন যুৱক আৰু কিশোৰক গ্ৰেপ্তাৰ কৰিছে। যোৰহাট সদৰ আৰক্ষীয়ে ধাৰাবাহিকভাৱে চলোৱা অভিযানত যোৰহাট গড়মুৰ কুমাৰগাঁৱৰ ৰিজু আলী, ভোগদৈ শুৱনিগাঁৱৰ সঞ্জয় ঘোষ , ঢাপকটাৰ পাপু ভুঞা আৰু এজন কিশোৰক গ্ৰেপ্তাৰ কৰিছে। পাপু ভূঞাৰ পৰা এটা .22 পিষ্টল আৰক্ষীয়ে জব্দ কৰিছে। আৰক্ষীয়ে আটাইকেজন যুৱকৰ পৰা মুঠ প্ৰায় ৬ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিছে।
"আমি চাৰিওজন যুৱকৰ পৰাই সন্দেহজনক ব্ৰাউন চুগাৰ, সৰু সৰু টেমা, চিৰিঞ্জ জব্দ কৰিছো। ইয়াৰে এজন যুৱকৰ পৰা সজীৱ গুলীসহ এটা .22 পিষ্টল পোৱা গৈছে। এই ড্ৰাগছসমূহ কোনে যোৰহাটলৈ যোগান ধৰি আছে সেই সন্দৰ্ভত আমি অনুসন্ধান চলাই আছো।", যোৰহাটৰ উপ আৰক্ষী অধীক্ষক বিভাষ দাসে এনেদৰে কয়।
" আমি ড্ৰাগছ খোৱা মানুহহে। যদিহে ধৰিবলৈ মন আছে তেন্তে আৰক্ষীয়ে নাগালেণ্ডত অভিযান চলাওক। তাত চব পায়। নাগালেণ্ডৰ পৰাই ভৈয়ামলৈ ড্ৰাগছ আহি আছে।", ড্ৰাগছসহ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দুজন যুৱকে এনেদৰে কয়।