মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ড্ৰাগছ ক্ৰয় কৰিবলৈ বাইক চুৰি কৰাৰ চেষ্টা যুৱকৰ, ৰাইজে ধৰি শোধালে উত্তম–মধ্যম

ড্ৰাগছ ক্ৰয় কৰিবলৈ বাইক চুৰি কৰাৰ চেষ্টা যুৱকৰ, ৰাইজে ধৰি শোধালে উত্তম–মধ্যম

News18 Assam | News18-Assam
Updated:June 24, 2021, 10:59 AM IST
ড্ৰাগছ ক্ৰয় কৰিবলৈ বাইক চুৰি কৰাৰ চেষ্টা যুৱকৰ, ৰাইজে ধৰি শোধালে উত্তম–মধ্যম
যুৱকজনৰ পকেটৰ পৰা উদ্ধাৰ হ’ল চিৰিঞ্জ, নিছাযুক্ত টেবলেট আৰু নিচাযুক্ত দ্ৰব্য ভৰাই থোৱা প্লাষ্টিকৰ কণ্টেইনাৰ৷

যুৱকজনৰ পকেটৰ পৰা উদ্ধাৰ হ’ল চিৰিঞ্জ, নিছাযুক্ত টেবলেট আৰু নিচাযুক্ত দ্ৰব্য ভৰাই থোৱা প্লাষ্টিকৰ কণ্টেইনাৰ৷

  • Share this:
ড্ৰাগছ সেৱনৰ বাবে অৰ্থৰ অভাৱত ভোগা একাংশ ড্ৰাগছ আসক্ত যুৱক এতিয়া জড়িত হৈ পৰিছে বিভিন্ন অসামাজিক কামত৷ ড্ৰাগছ ক্ৰয় কৰাৰ বাবে টকা যোগাৰ কৰাৰ নামত একাংশই চুৰি-ডকাইতিৰ আশ্ৰয় গ্ৰহণ কৰিছে৷ বুধবাৰে নিশা বিশ্বনাথ চাৰিআলিৰ বামগাঁৱত ৰাইজে কৰায়ত্ত কৰিলে এজন ড্ৰাগছ আসক্ত যুৱকক৷

মটৰ চাইকেল চুৰি কৰিবলৈ চেষ্টা চলাওঁতেই বামগাঁৱৰ নামঘৰৰ সমীপত স্থানীয় ৰাইজে যুৱকজনক কৰায়ত্ত কৰি উত্তম–মধ্যম শোধাই তালাচী চলাওঁতেই ওলাই পৰিল জোলোঙাৰ মেকুৰী৷ যুৱকজনৰ পকেটৰ পৰা উদ্ধাৰ হ’ল চিৰিঞ্জ, নিছাযুক্ত টেবলেট আৰু নিচাযুক্ত দ্ৰব্য ভৰাই থোৱা প্লাষ্টিকৰ কণ্টেইনাৰ৷ লগে লগে স্থানীয় ৰাইজে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে আহি যুৱকজনক চমজি লয় আৰু নিচাসক্ত হৈ থকাৰ বাবে আৰক্ষীয়ে নিশাই চিকিৎসালয়ত ভৰ্তি কৰে যুৱকজনক৷

ধৃত যুৱকজন নৱপুৰৰ জিতেন হাজৰিকা ওৰফে টিকলা৷ দীৰ্ঘদিন ধৰি ড্ৰাগ আসক্ত যুৱকজনে ড্ৰাগছ ক্ৰয় কৰিবলৈ বাইক চুৰি কৰিবলৈ চেষ্টা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে৷ আনহাতে চিকিৎসকেও যুৱকজন নিচাসক্ত অৱস্থাত আছে বুলি নিশ্চিত কৰে৷ পূৰ্বেও বাইক চুৰিৰ অভিযোগ আছে টিকলাৰ ওপৰত৷ কেইদিনমান পূৰ্বে ছাগলী চুৰিৰ ঘটনাৰ লগত টিকলা জড়িত থকাৰ অভিযোগ উঠিছিল৷ উল্লেখ্য যে টিকলা নামৰ যুৱকজনে আমবাৰীৰ জনৈক মফিজুল নামৰ যুৱকজনৰ পৰা নিছাযুক্ত টেবলেট ক্ৰয় কৰি আহিছিল বুলি উল্লেখ কৰিছে৷
Published by: Sanjay Kumar Das
First published: June 24, 2021, 10:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি