মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁও চহৰৰ মাজমজিয়াত মুকলিকৈ চলিছে ড্ৰাগছৰ বেহা, সাংবাদিকৰ কেমেৰা দেখি পলায়ন ড্ৰাগছ আসক্তৰ

নগাঁও চহৰৰ মাজমজিয়াত মুকলিকৈ চলিছে ড্ৰাগছৰ বেহা, সাংবাদিকৰ কেমেৰা দেখি পলায়ন ড্ৰাগছ আসক্তৰ

ড্ৰাগছ আসক্ত যুৱকসকলে পলায়ন কৰা দৃশ্যাংশ বন্দী হয় সংবাদ মাধ্যমৰ কেমেৰাত।

ড্ৰাগছ আসক্ত যুৱকসকলে পলায়ন কৰা দৃশ্যাংশ বন্দী হয় সংবাদ মাধ্যমৰ কেমেৰাত।

  • Share this:
নগাঁও আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি নগাঁও চহৰৰ ফাঁচী ৰোডত মুকলিকৈ চলিছে ড্ৰাগছৰ বেহা। ফাঁচী ৰোডৰ ৰে’ল আলিত মুকলিকৈ ড্ৰাগছ সেৱন কৰি থকাৰ দৃশ্যাংশ সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হোৱাৰ পিছতে এই তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, ফাঁচী ৰোডত চলি থকা ড্ৰাগছৰ ব্যৱসায়ৰ বিষয়ে স্থানীয় একাংশ লোকে সংবাদ মাধ্যমক খবৰ দিয়ে। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত সাংবাদিকৰ এটা দল ফাঁচী ৰোডত গৈ উপস্থিত হয়। কিন্তু সংবাদ মাধ্যমৰ কেমেৰা দেখাৰ লগে লগেই ফাঁচী ৰোডৰ ৰেল আলিত মুকলিকৈ ড্ৰাগছ সেৱন কৰি থকা বহু যুৱকে পলায়ন কৰে।

ড্ৰাগছ আসক্ত যুৱকসকলে পলায়ন কৰা দৃশ্যাংশ বন্দী হয় সংবাদ মাধ্যমৰ কেমেৰাত। ইয়াৰ পিছতে স্থানীয় লোকে সংবাদ মাধ্যমৰ সন্মুখত নগাঁও আৰক্ষীৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে ক্ষোভ উজাৰে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আৰক্ষীয়ে কঠোৰ ব্যৱস্থা নোলোৱাৰ ফলতে ফাঁচী ৰোডত দিন-দুপৰতে ড্ৰাগছৰ বেহা চলিছে।

উল্লেখযোগ্য যে, পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ কাৰ্যকালত ফাঁচী ৰোডত আৰক্ষীয়ে অভিযান চলায় প্ৰায় এক কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল কুৰিজনৰো অধিক ড্ৰাগছ মাফিয়া আৰু সৰবৰাহকাৰীক। ড্ৰাগছৰ অবাধ ব্যৱসায়ৰ বাবেই ফাঁচী ৰোডত বুলড'জাৰ লগাই জিলা প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান। কিন্তু বিগত দুমাহ ধৰি পুনৰ অঞ্চলটোত সক্ৰিয় হৈছে ড্ৰাগছ সৰবৰাহকাৰী। একেদৰে নগাঁও চহৰৰ সমীপৱৰ্তী বেঙেনাআটিটো দিন-দুপৰতে মুকলিকৈ ড্ৰাগছৰ বেহা চলাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

শেহতীয়া বাতৰি