মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বঙাইগাঁও আৰক্ষীয়ে জ্বলাই দিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ–নিচাজাতীয় সামগ্ৰী

বঙাইগাঁও আৰক্ষীয়ে জ্বলাই দিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ–নিচাজাতীয় সামগ্ৰী

News18 Assam | News18-Assam
Updated:September 7, 2021, 8:19 AM IST
বঙাইগাঁও আৰক্ষীয়ে জ্বলাই দিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ–নিচাজাতীয় সামগ্ৰী
উক্ত কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱনীল ডেকা, উপ আৰক্ষী অধীক্ষক লুণা সোণোৱাল, কাৰ্যবাহী দণ্ডাধীশ উপস্থিত থাকে৷

উক্ত কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱনীল ডেকা, উপ আৰক্ষী অধীক্ষক লুণা সোণোৱাল, কাৰ্যবাহী দণ্ডাধীশ উপস্থিত থাকে৷

  • Share this:
বঙাইগাঁৱত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ বিনষ্ট কৰে ৷ সোমবাৰে বিয়লি প্ৰায় চাৰি বজাত বিভাগীয় নীতি–নিয়মৰ মাজৰে ড্ৰাগছসমূহ বিনষ্ট কৰা হয়৷ ধ্বংস কৰা ড্ৰাগছখিনিৰ ভিতৰত আছে গাঞ্জা ১৪৮৩ কেজি,  কেপচুল ২০১৪৬ টা, টেবলেট ৮৩১০ টা, কফ চিৰাপ ১৫০ বটল,  হেৰ’ইন ৫৬.০১৫ গ্ৰাম, নাৰ্কটিক ড্ৰাগছ টেবলেট ১১২ কেজি ৷ ইয়াৰ বজাৰ মূল্য ৮১ ,৯৬,১০০ টকা বুলি জানিব পৰা গৈছে৷

জিলাখনৰ বিভিন্ন থানা আৰু আদালতৰ মালখানাত জব্দ এই সামগ্ৰীখিনি জ্বলাই দিয়া হয়৷ অসম আৰক্ষীৰ পশ্চিম সংমণ্ডলৰ ডিআইজি দিলীপ কুমাৰ দেই কয় যে অসম আৰক্ষীয়ে শেহতীয়াভাৱে ৰাজ্যখনত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰ কৰি তুলিছে৷ জিলাখনত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত বহুখিনি ড্ৰাগছ জব্দ কৰা হৈছে৷ শেহতীয়াভাৱে জব্দ এই ড্ৰাগছখিনি বিভাগীয় নীতি–নিয়মৰ মাজৰে জ্বলাই দিয়া হ’ল৷ আগন্তুক দিনতো অসম আৰক্ষীয়ে এনে ড্ৰাগছবিৰোধী অভিযান চলাই যাব৷

উক্ত কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱনীল ডেকা, উপ আৰক্ষী অধীক্ষক লুণা সোণোৱাল, কাৰ্যবাহী দণ্ডাধীশ উপস্থিত থাকে৷
Published by: Sanjay Kumar Das
First published: September 7, 2021, 8:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি