কুৰিয়াৰ ছাৰ্ভিচৰ জৰিয়তে অসমলৈ সৰবৰাহ হয় নিচাজাতীয় ঔষধ। আজি নগাঁও আৰক্ষীয়ে এটিচি কুৰিয়াৰ ছাৰ্ভিচ নামৰ এটা কুৰিয়াৰ সেৱা প্ৰতিষ্ঠানত অভিযান চলাই জব্দ কৰিছে ৪৫ লক্ষাধিক টকা মূল্যৰ ছিমপ্লেক্স প্লাছ টেবলেট জব্দ কৰাৰ পিছতে অসমৰ বহু কুৰিয়াৰ ছাৰ্ভিচ যে ড্ৰাগছৰ সৰবৰাহত জড়িত হৈ পৰিছে সেয়া নিশ্চিত হৈ পৰিছে। জানিব পৰা মতে, আজি নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁও আৰক্ষী ছাউনীৰ সমীপতে থকা এটিচি কুৰিয়াৰ ছাৰ্ভিচ নামৰ প্ৰতিষ্ঠানটোত অভিযান চলাই ৩০০কাৰ্টন ছিমপ্লেক্স প্লাছ টেবলেট জব্দ কৰে।
উল্লেখ্য যে নগাঁও চহৰৰ সমীপৰ গৰিয়া গাঁৱৰ মোজাম্মিল হুছেইন নামৰ এজন ড্ৰাগছ মাফিয়া আজিৰ পৰা ১০দিন পূৰ্বে আৰক্ষীৰ জালত পৰিছিল। মোজাম্মিলেই বহি:ৰাজ্যৰ পৰা নগাঁৱত বিক্ৰীৰ বাবে টেবলেটখিনি আনিছিল। অৱশ্যে তদন্তৰ খাতিৰত সমগ্ৰ তথ্য এতিয়াও প্ৰকাশ কৰা নাই।
আনহাতে আজি পুৱাও নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰা আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ নেতৃত্বত যোৱা এটা দলে ভূঞাপট্টিৰ এটা ঘৰত অভিযান চলাই চেলিমা খাতুন নামৰ এগৰাকী মহিলাৰ লগতে আনিৰুল ইছলাম, মজিবুৰ ৰহমান আৰু জেহিৰুল ইছলাম নামৰ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা প্ৰায় ৫ লাখ টকাৰ হেৰ'ইন জব্দ কৰিছে। জানিব পৰা মতে, চেলিমাই ভূঞাপট্টিত জনৈক ৰ'জ নামৰ এজন ব্যক্তিৰ সৈতে লগ হৈ দীৰ্ঘদিনে ড্ৰাগছৰ ব্যৱসায় চলাই আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|