ড্ৰাগছ সমাজৰ মাৰাত্মক ব্যাধি । এই ব্যাধিৰ পৰা সমাজ সজাগতাৰ বাবে আজি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু উত্তৰ ধৰ্মপুৰ আঞ্চলিক সমিতিৰ সহযোগত নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ পহলংপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এখন ড্ৰাগছ বিৰোধী সজাগতা সভা ।
ড্ৰাগছমুক্ত এখন সমাজ গঠনৰ লক্ষ্যৰে অনুষ্ঠিত এই সভাত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং,বেলশৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটুমণি শৰ্মা, চামতা পহৰা চকীৰ আৰক্ষী বিষয়া মৃত্যুঞ্জয় দাস, কৈঠালকুছিৰ কামপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ হৰ্ষমোহন শৰ্মা, বিশিষ্ট কবি নিবেদিতা ডিম্পল ,পৰিৱেশকৰ্মী ভূপেন দাস,অসম জাতীয়তাবাদী যুৱ্ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মন, কাৰ্যনিৰ্বাহক সদস্য মনোৰাম কলিতা,জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতাকে আদি কৰি যুৱ ছাত্ৰ পৰিষদৰ ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি নলবাৰী জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ড্ৰাগছৰ সজাগতাৰ ওপৰত ভাষণ আগবঢ়াই ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ লোক সদায় সজাগ হৈ থকাৰ কথা উল্লেখ কৰি সকলোকে ড্ৰাগছৰ বিৰুদ্ধে সজাগ হবলৈ আহ্বান জনায় ।
Published by: Subham Goswami
FIRST PUBLISHED : March 26, 2023, 16:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।