ড্ৰাগছৰ চাকনৈয়াত যোৰহাট : নগৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হ’ল যুৱক

১ নৱেম্বৰৰ পৰা নগৰৰ মাছৰহাটস্থিত নিজ বাসগৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে নিহাল দাস নামৰ ২৬ বছৰীয়া যুৱকজন।
১ নৱেম্বৰৰ পৰা নগৰৰ মাছৰহাটস্থিত নিজ বাসগৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে নিহাল দাস নামৰ ২৬ বছৰীয়া যুৱকজন।
- News18 Assam
- Last Updated: November 18, 2020, 8:43 AM IST
যোৱা ১ নৱেম্বৰৰ পৰা নগৰৰ মাছৰহাটস্থিত নিজ বাসগৃহৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে নিহাল দাস নামৰ ২৬ বছৰীয়া যুৱকজন। AS 03-V-3263 নম্বৰৰ পালচাৰ বাইকখনত উক্ত দিনা সন্ধিয়া ঘৰৰ পৰা ওলাই গৈছিল নিহাল। নিহালৰ পিতৃ ৰাতুল দাসে জানিবলৈ দিয়া মতে, তেওঁৰ পুত্ৰ একাংশ যুৱকৰ সৈতে নিষিদ্ধ ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছিল। ড্ৰাগছ আসক্ত পুত্ৰক সঠিক পথলৈ আনিবলৈ বহু চেষ্টা কৰিছিল তেওঁলোকে।
এবাৰ নগৰৰ ডিগম্বৰ চুকত এজন বন্ধুৰ সৈতে ড্ৰাগছ আৰু ভাং সেৱন কৰি থকা অৱস্থাত স্থানীয় লোকে কৰায়ত্ত কৰাৰ পিছত নিহাল জে’ললৈয়ো যাব লগা হৈছিল। তিলতিলকৈ ধ্বংসৰ পথলৈ গৈ থকা পুত্ৰক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰিবলৈ গুৱাহাটীত চিকিৎসাৰ ব্যৱস্থাও কৰিছিল উপায়হীন হৈ পৰা পৰিয়ালটোৱে। তাৰ পিছৰে পৰা নিহালে ড্ৰাগছ সেৱন কৰিবলৈ এৰিছিল বুলি জানিবলৈ দিয়ে পিতৃয়ে। কিন্তু এইবাৰ ড্ৰাগছৰ পৰিৱৰ্তে ভাঙৰ প্ৰতি আসক্ত হয় নিহাল।
ড্ৰাগছৰ প্ৰতি আসক্তি থকা সময়চোৱাত নিহালৰ ড্ৰাগছ ব্যৱসায় চক্ৰৰ সৈতে সম্পৰ্ক আছিল। শেহতীয়াকৈ নিহালৰ পিতৃয়ে জানিব পাৰে যে যোৰহাট বাইপাছ নিবাসী নয়ন দত্ত নামৰ যুৱকজনে নিহালক ডিমাপুৰত দেখা পোৱা বুলি বিভিন্ন লোকৰ আগত প্ৰকাশ কৰিছে। নয়ন হৈছে নিহালৰ বন্ধু। নিহালৰ পিতৃয়ে এই সন্দৰ্ভত সোধা–পোছা কৰাত নয়নে নিহালৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰে। অৱশেষত আৰক্ষীৰ কাষ চাপে নিহালৰ পিতৃ।
পূৰ্বে অপৰাধজনিত ঘটনাৰে জড়িত থকা নিহালৰ বন্ধু নয়নক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি শোধা–পোছা আৰম্ভ কৰিছে। উল্লেখ্য , ঘৰৰ পৰা ওলাই যোৱা সময়ত নিহালৰ হাতত নাছিল মোবাইল ফোন তথা এটিএম কাৰ্ড। নগদ ধনো নাছিল নিহালৰ হাতত। বাইকত আছিল মাত্ৰ এশ টকাৰ পেট্ৰ’ল। তেনেস্থলত যুৱকজন বিগত এটা পষেক নিৰুদিষ্ট হৈ থকাৰ ৰহস্য কি তাক লৈ বিপাঙত পৰিছে সকলো।
"আমাৰ সন্দেহ নিহালে বাইকখন কাৰোবাক বিক্ৰীৰ বাবে দিছে। বাইকখনৰ সন্ধান পালেও বহু তথ্য পোহৰলৈ আহিব। এই ঘটনাৰ সৈতে ড্ৰাগছ, গাঞ্জাৰ চোৰাং ব্যৱসায়ী চক্ৰৰ লোক জড়িত থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আমাৰ সন্দেহ নিহালৰ বন্ধু নয়নে কথাবোৰ জানে। মোৰ পুত্ৰক আমি সুস্থ ৰূপত বিচাৰো।", নিহালৰ পিতৃ ৰাতুল দাসে এনেদৰে কয়।
এয়াই হৈছে ড্ৰাগছৰ বিষবাস্পই ছানি ধৰা যোৰহাটৰ এখন ভয় লগা ছবি। নিহাল মাত্ৰ এটা উদাহৰণহে।
এনে বহু যুৱক ড্ৰাগছ আসক্ত হোৱাৰ ফলত থানবান হৈ গৈছে বহু পৰিয়াল। যোৰহাটৰ বহুকেইটা অঞ্চল ড্ৰাগছৰ অন্যতম ঘাটি ৰূপে ইতিপূৰ্বে চিনাক্ত হৈছে। আৰক্ষীয়ে ড্ৰাগছৰ খুচুৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও এই চোৰাং ব্যৱসায়ৰ মূল লোকসকলক বৰ্তমানলৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।