ড্ৰাগছৰ ভয়ংকৰ জালত যোৰহাটৰ বহু যুৱক–যুৱতী, হেপাটাইটিছ চিত আক্ৰান্ত হৈছে বহুতো

JMCHৰ মনোৰোগ বিভাগলৈ বৰ্তমান চিকিৎসাৰ বাবে দৈনিক আগমন ঘটিছে ১২–১৫ গৰাকীকৈ ড্ৰাগছ আসক্ত যুৱক–যুৱতীৰ।

News18-Assam
Updated:October 11, 2019, 11:53 AM IST
ড্ৰাগছৰ ভয়ংকৰ জালত যোৰহাটৰ বহু যুৱক–যুৱতী, হেপাটাইটিছ চিত আক্ৰান্ত হৈছে বহুতো
Photo : medicaldaily.com
News18-Assam
Updated: October 11, 2019, 11:53 AM IST
ড্ৰাগছ আসক্ত যুৱক–যুৱতীসকলৰ বাবে যোৰহাটত বিগত ছমাহত ইনছুলিন চিৰিঞ্জৰ বিক্ৰী ৪০–৫০ শতাংশ বৃদ্ধি পোৱাৰ তথ্য ইতিমধ্যে প্ৰকাশ পাইছে NEWS18ত। এইবাৰ পোহৰলৈ আহিছে যোৰহাট নগৰৰ আন এক উদ্বেগজনক তথ্য।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এক তথ্য অনুসৰি, নগৰৰ বহু যুৱক-যুৱতী আক্ৰান্ত হৈছে হেপাটাইটিছ চি ৰোগত। যিকোনো স্থানৰ পানী ব্যৱহাৰ কৰি একেটা চিৰিঞ্জতে ড্ৰাগছ লোৱাৰ ফলতে এই ভয়ংকৰ ৰোগত আক্ৰান্ত হৈছে বহু যুৱক–যুৱতী। JMCHৰ মনোৰোগ বিভাগলৈ বৰ্তমান চিকিৎসাৰ বাবে দৈনিক আগমন ঘটিছে ১২–১৫ গৰাকীকৈ ড্ৰাগছ আসক্ত যুৱক–যুৱতীৰ।

উদ্বেগজনক কথাটো হ’ল, ব্ৰাউন ছুগাৰৰ দৰে ড্ৰাগছ সেৱনকাৰীৰ ভিতৰত আছে ১৩ বছৰীয়া কিশোৰো। নগৰৰ ফাচীআলি, ৰজামৈদাম, মাছৰহাটকে ধৰি একাধিক অঞ্চলৰ বহু যুৱক–যুৱতী ড্ৰাগছৰ ভয়ংকৰ জালত ভৰি দিছে।

এইক্ষেত্ৰত যোৰহাট সদৰ আৰক্ষীয়ে বিগত ছমাহত ড্ৰাগছসহ ছটা ড্ৰাগছ সৰবৰাহকাৰী গোটক গ্ৰেপ্তাৰ কৰিছে। যোৰহাটত ড্ৰাগছবিৰোধী অভিযানৰ বাবে আৰক্ষীৰ বিশেষ অভিযানকাৰী গোট গঠন কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি