ড্ৰাগছৰ ভয়ংকৰ গ্ৰাসত হাজো! ৰাইজে কৰায়ত্ত কৰিলে ড্ৰাগছ কিনিবলৈ অহা কিশোৰক

News18 Assam | News18-Assam
Updated:September 28, 2020, 9:59 AM IST
ড্ৰাগছৰ ভয়ংকৰ গ্ৰাসত হাজো! ৰাইজে কৰায়ত্ত কৰিলে ড্ৰাগছ কিনিবলৈ অহা কিশোৰক
ছেগ বুজি আন এজন ড্ৰাগছ আসক্ত যুৱকৰ পলায়ন।

ছেগ বুজি আন এজন ড্ৰাগছ আসক্ত যুৱকৰ পলায়ন।

  • News18 Assam
  • Last Updated: September 28, 2020, 9:59 AM IST
  • Share this:
মহাব্যাধি ড্ৰাগছৰ কৰাল গ্ৰাসত এতিয়া তীৰ্থনগৰী হাজো! হাজোৰ কলিতাকুছিত নিশা ৰাইজে কৰায়ত্ত কৰিলে ড্ৰাগছ আসক্ত কিশোৰক। হাজো কৈৱৰ্তটোলাৰ কিশোৰজনক কলিতাকুছিৰ মাজাৰৰ সমীপৰ পৰা কৰায়ত্ত কৰে স্থানীয় ৰাইজে। ছেগ বুজি আন এজন ড্ৰাগছ আসক্ত যুৱকৰ পলায়ন।

কলিতাকুছিৰ মিঠুন নামৰ এজনৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ গৈছিল কিশোৰজনে। মিঠুনে কলিতাকুছিৰ ধৰ্মীয় উপাসনাস্থলীৰ সমীপতে ড্ৰাগছৰ ঘাটি পতাৰ অভিযোগ স্থানীয় ৰাইজৰ। সেইবাবেই ড্ৰাগছৰ বিৰুদ্ধে নিশাৰ ভাগত ওলাই আহিল কলিতাকুছিৰ সজাগ জনতা। ঘটনাস্থলীৰ পৰা হাজো আৰক্ষীয়ে আটক কৰিলে ড্ৰাগছ আসক্ত কিশোৰজনক। হাজোৰ একাংশ ১৮ বছৰৰ তলৰ যুৱক এতিয়া মাৰাত্মক ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছে।
Published by: Sanjay Kumar Das
First published: September 28, 2020, 9:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading