নিষিদ্ধ ড্ৰাগছৰ বেহাই ছানি ধৰিছে যোৰহাটৰ নগৰ-গ্ৰামাঞ্চল, নিষিদ্ধ ড্ৰাগছৰ যোগানত জড়িত আছে কোন?

News18 Assam | News18-Assam
Updated:February 24, 2021, 10:11 AM IST
নিষিদ্ধ ড্ৰাগছৰ বেহাই ছানি ধৰিছে যোৰহাটৰ নগৰ-গ্ৰামাঞ্চল, নিষিদ্ধ ড্ৰাগছৰ যোগানত জড়িত আছে কোন?
যোৰহাট সদৰ আৰক্ষীৰ অভিযানত শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে নিনি দাস ওৰফে অনুপম নামৰ এজন যুৱক।

যোৰহাট সদৰ আৰক্ষীৰ অভিযানত শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে নিনি দাস ওৰফে অনুপম নামৰ এজন যুৱক।

  • News18 Assam
  • Last Updated: February 24, 2021, 10:11 AM IST
  • Share this:
"আমাৰ ঘৰখনত ই বহুত অশান্তি কৰি আহিছে। পইচা নিদিলেই ঘৰখন লণ্ডভণ্ড কৰে। আজি মোক দা লৈ মাৰিবলৈ আহিছে। ড্ৰাগছ খাবলৈ পইচা যোগাৰ কৰিবলৈ ঘৰৰ টিনপাত পৰ্যন্ত সি বিক্ৰী কৰি দিছে। নিশা ৰাষ্টাৰ কাষত পৰি থকা কাৰ্টন আদি বুটলি ফুৰে। পইচা নিদিলেই আমাক মাৰপিট কৰিবলৈ আহে...", যোৰহাট নগৰৰ এগৰাকী মাতৃয়ে উচুপি উচুপি নিজৰ পুত্ৰৰ বিষয়ে এনেদৰে কলে News18ক।

দৰাচলতে যোৰহাটৰ নগৰ তথা গ্ৰামাঞ্চলত ড্ৰাগছৰ পয়োভৰ কেনেদৰে বৃদ্ধি পাইছে এয়া এটা উদাহৰণহে। নিজৰ ২২ বছৰীয়া পুত্ৰক বিগত প্ৰায় ডেৰ বছৰৰ পৰা ড্ৰাগছৰ প্ৰতি আসক্ত হৈ তিলতিলকৈ নিজৰ জীৱনটো ধ্বংস কৰা দেখি এনেদৰেই অসহায় হৈ পৰিছে যোৰহাটৰ বহু পৰিয়াল। সন্তান ড্ৰাগছ আসক্ত হৈ পৰাৰ পিছত যোৰহাটৰ বহু পৰিয়ালৰ বাসগৃহত বৰ্তমান এনে পৰিস্থিতি। শেহতীয়াকৈ এনে এজন যুৱকক ড্ৰাগছ যোগান ধৰা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য।

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যোৰহাট আৰক্ষীয়ে বিগত তিনি-চাৰি মাহত বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰীক সন্দেহজনক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। যোৰহাট সদৰ আৰক্ষীৰ অভিযানত শেহতীয়াকৈ সন্দেহজনক ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে নগৰৰ সমীপৰ গড়মূৰ কুমাৰ কৈৱৰ্ত গাঁৱৰ নিনি দাস ওৰফে অনুপম নামৰ এজন যুৱক।

আৰক্ষীয়ে যুৱকজনৰ পৰা নিচাজাতীয় টেবলেটৰ লগতে ৩.৬ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰিছে। এই ধৃত যুৱকজনেই যোৰহাটৰ বিভিন্ন স্থানত চলি থকা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ সৈতে বহু লোক জড়িত থকাৰ কথা জানিবলৈ দিছে। যুৱকজনে জানিবলৈ দিয়া মতে, যোৰহাটত ড্ৰাগছৰ যোগান ধৰা যুৱকৰ অভাৱ নাই। ফোন কৰিলেই ডেলিভাৰি দি যাইহি নিষিদ্ধ ড্ৰাগছ। যোৰহাট ৰজাবাৰীৰ কাচিম আলী নামৰ লোকজনে এই নিষিদ্ধ ড্ৰাগছৰ যোগান ধৰি আহিছে বুলি জানিবলৈ দিছে ধৃত যুৱকজনে।

যোৰহাটত ড্ৰাগছ ব্যৱসায়ৰ মূল যোগান ধৰোতাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে জালত পৰা নাই এই নিষিদ্ধ ব্যৱসায়ৰ আঁৰৰ মূল ব্যক্তিসকল। ফলত যোৰহাটৰ গ্ৰামাঞ্চলত কাঠফুলাৰ দৰে বিয়পি পৰিছে এই ভয়ংকৰ নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়।
Published by: Sanjay Kumar Das
First published: February 24, 2021, 10:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি