মুখ্যপৃষ্ঠা »খবৰ »অসম »Nalbari News: নলবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ড্ৰাগছ বিৰোধী সজাগতা সভা 

Nalbari News: নলবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ড্ৰাগছ বিৰোধী সজাগতা সভা 

Drug Awareness Program in Nalbari

Drug Awareness Program in Nalbari

নলবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত "এলকহল আৰু ড্ৰাগছ সেৱন প্ৰতিৰোধ" শীৰ্ষক এখন সজাগতা সভা ৷

  • Share this:
নলবাৰী, ২৪ মে': ড্ৰাগছ এক মাৰাত্মক ব্যাধি। এই ব্যাধি নিৰ্মূলৰ ক্ষেত্ৰত বিভিন্ন সময়ত সামাজিক সংস্থাসমূহে বিভিন্ন সজাগতামূলক সভা অনুষ্ঠিত কৰি আহিছে ।

অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বৰ্ধিত ড্ৰাগছ ব্যাধিৰ প্ৰতি লক্ষ্য ৰাখি Ministry of social justice and Empowerment,Govt of In Indiaৰ হৈ Committee on Socio Economic and health Development, Assam চমুকৈ COSEHDAক ৰাজ্যিক সমন্বয়ক সংস্থা হিচাপে দায়িত্ব দিয়া হৈছে ।

অসম আৰু মেঘালয়ত Ministry of social justice and Empowerment, Govt of Indiaৰ তত্ত্বাৱধানত এই সংস্থাটোৱে ড্ৰাগছ প্ৰতিৰোধী প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিব । এই প্ৰশিক্ষণ National Institute of Social Defense ৰ তত্বাৱধানত প্ৰদান কৰা হ'ব ।

সেই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আজি নলবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত "এলকহল আৰু ড্ৰাগছ সেৱন প্ৰতিৰোধ" শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে নলবাৰীৰ সহকাৰী আয়ুক্ত উদেষ্ণা শৰ্মা আৰু মুখ্য প্ৰশিক্ষক ডাঃ সন্দীপ হাঞ্চে ।

শেহতীয়া বাতৰি