দেশত নতুন যান-বাহন আইন প্ৰযোজ্য হোৱাৰ পাছত ১ অক্টোবৰৰ পৰা ড্ৰাইভিং লাইচেঞ্চ (DL) আৰু আৰ চি (RC) বনোৱা নিয়মো সলনি হৈ পৰিল।
নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা দেশৰ প্ৰতিখন ৰাজ্যৰে ড্ৰাইভিং লাইচেঞ্চ আৰু আৰ চি এটা ফৰ্মেটতে হ’ব। তদুপৰি লাইচেঞ্চ আৰু আৰ চিৰ ৰং, ডিজাইন আদি সকলোবোৰ একে হ’ব।
নতুন নিয়মৰ অধীনত DL আৰু RCত অংকিত হব Microchip আৰু QR Code। ইয়াক নিৰ্দিষ্ট এক ঠাইতহে অংকিত কৰিব লাগিব। Microchip আৰু QR Codeত সকলো বিৱৰণ ডিজিটেল মাধ্যমত চাব পৰা হ’ব।
Microchip আৰু QR Codeৰ জৰিয়তে কেন্দ্ৰীয় ডাটা বেচৰ সহায়ত চালক আৰু বাহন সম্পৰ্কীয় সকলো তথ্য চাব পাৰিব। QR Code অধ্যয়ন কৰাৰ বাবে যান-বাহন আৰক্ষীক হেণ্ডি ট্ৰেকিং ডিভাইছ প্ৰদান কৰাৰ কথাও চিন্তা-চৰ্চা কৰি আছে পৰিবহন বিভাগে।
উল্লেখ্য যে নতুন নিয়ম অনুসৰি ড্ৰাইভিং লাইচেঞ্চৰ পিছফালে এটা আপাতকালীন নম্বৰ থাকিব। জৰুৰীকালীন সময়ত আৰক্ষী নাইবা অন্য ব্যক্তিয়ে এই নম্বৰত যোগাযোগ কৰিব পাৰিব।
ইফালে লাইচেঞ্চ আৰু আৰ চিৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নতুন নিয়মে যান-বাহন নিয়ন্ত্ৰণত নিয়োজিত হৈ থকা আৰক্ষী সকলক বহু পৰিমানে সকাহ দিব বুলি পৰিবহন বিভাগৰ বহু আগশাৰীৰ বিষয়াই উল্লেখ কৰিছে।
DL আৰু RCৰ কাৰণে দেশৰ সকলো ৰাজ্যই নিজৰ নিজৰ ফৰ্মেট ব্যবহাৰ কৰি আহিছে। কিন্তু অসুবিধাৰ বিষয় এইটো যে কোনো কোনো ৰাজ্যত DL আৰু RCৰ বিৱৰণ সমুখৰ ফালে আৰু আন কোনো কোনো ৰাজ্যত ইয়াক পিছৰ পিনে অংকিত কৰা হয়।
কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই নতুন সিদ্ধান্ত মৰ্মে এতিয়াৰে পৰা ড্ৰাইভিং লাইচেঞ্চ আৰু আৰ চিৰ সকলো বিৱৰণ সমগ্ৰ দেশতে একেই হ’ব।
অসমতো শীঘ্ৰেই পুৰণি DL আৰু RC আপডেটৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা অৱশ্যে আনুষ্ঠানিকভাৱে ৰাজ্যৰ বিভাগটোৱে এইপৰ্যন্ত কোনো তথ্য সদৰি কৰা নাই।
Published by: Tulika Devi
FIRST PUBLISHED : October 02, 2019, 12:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।