মুখ্যপৃষ্ঠা »খবৰ »অসম »Interdistrict Communication : লঘোণে মৰিছে অসমৰ বাছ চালক, বহিঃৰাজ্যৰ পৰা অহা বাছ বিনা বাধাই চলি আছে অসমত, ৰঙিয়াত উত্তৰপ্ৰদেশৰ বাছ

Interdistrict Communication : লঘোণে মৰিছে অসমৰ বাছ চালক, বহিঃৰাজ্যৰ পৰা অহা বাছ বিনা বাধাই চলি আছে অসমত, ৰঙিয়াত উত্তৰপ্ৰদেশৰ বাছ

শনিবাৰে উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ যাত্ৰী ভৰ্তি বাছ (Bus Service) এখন উপস্থিত হয় ৰঙিয়াত। বহিঃৰাজ্যৰ বাছখনত পান জপাৰ নিচিনাকৈ যাত্ৰী লৈ আহিছে অসমলৈ । দুজনৰ আসনত বহিছে তিনিজন ।

  • Share this:
    এফালে আন্তঃজিলা যাতায়ত (Interdistrict Communication) বন্ধ, আনফালে বহিঃৰাজ্যৰ যাত্ৰীবাহী বাছৰ যাতায়ত (Bus Service) চলি আছে অসমত । জিলাই জিলাই আৰক্ষীক মেনেজ কৰি বহিঃৰাজ্যৰ পৰা বাছ অসমত প্ৰবেশ কৰাৰ অভিযোগ ৰঙিয়াৰ স্থানীয় বাছ চালক-হেণ্ডিমেনসকলৰ ।

    শনিবাৰে উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ যাত্ৰী ভৰ্তি বাছ এখন উপস্থিত হয় ৰঙিয়াত। বহু দিনৰ পৰাই ৰঙিয়াৰ মাজেৰে অন্য জিলাৰ যাত্ৰীবাহী বাছ নিৰ্বিঘ্নে পাৰ হৈ যোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে । বহিঃৰাজ্যৰ বাছখনত পান জপাৰ নিচিনাকৈ যাত্ৰী লৈ আহিছে অসমলৈ । দুজনৰ আসনত বহিছে তিনিজন । বাছখনৰ  মজিয়াতো যাত্ৰী বহি আহিছে । বাছখনৰ ভিতৰত আছে প্ৰায় দহটাতকৈও বেছি কণমানি শিশু । ক'ভিডৰ সম্পূৰ্ণ নীতি নিয়ম (Corona Protocol) ভৰিৰে মোহাৰি উত্তৰ প্ৰদেশৰ পৰা অহা এই বাছখন গুৱাহাটী অভিমুখে যাত্ৰা কৰিছে । যাত্ৰীসকলক অনুজ্ঞাপত্ৰৰ কথা সোধাত মাত্ৰ পাঁচজনে দেখুৱালে ক'ভিড টেষ্টৰ কাগজ । ড্ৰাইভাৰক এই বিষয়ে প্ৰশ্ন কৰাত নিমাতে বহি থাকিল ব‍্যক্তিজন । এই অভিযোগ ৰঙিয়াৰ বাছ চালকসকলৰ।

    এতিয়া প্ৰশ্ন হয় কেইবাখনো ৰাজ্য পাৰ হৈ অহা বাছখনে অসমত সোমোৱাৰ পিছত ইমানকেইখন জিলা পাৰ হৈ ৰঙিয়াত কেনেদৰে উপস্থিত হ'ল?

    শেহতীয়া বাতৰি