ডিব্ৰুগড়ত এজন গাড়ী চালকৰ দেহত Covid-19 পজিটিভ ধৰাৰ পিছতে আতংক

News18 Assam | News18-Assam
Updated:June 7, 2020, 1:30 PM IST
ডিব্ৰুগড়ত এজন গাড়ী চালকৰ দেহত Covid-19 পজিটিভ ধৰাৰ পিছতে আতংক
চালক জনৰ নিজৰ বাহন নাছিল যদিও বেলেগ বেলেগ লোকৰ গাড়ীৰে ভাৰা নিছিল বিভিন্ন ঠাইলৈ।

চালক জনৰ নিজৰ বাহন নাছিল যদিও বেলেগ বেলেগ লোকৰ গাড়ীৰে ভাৰা নিছিল বিভিন্ন ঠাইলৈ।

  • Share this:
ডিব্ৰুগড়ত এজন গাড়ী চালকৰ দেহত কোভিড–১৯ পজিটিভ ধৰা পৰাৰ পিছত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। ছব্বিৰ আলম নামৰ এজন গাড়ী চালক কোভিড-১৯ত আক্ৰান্ত হৈছে। ডিব্ৰুগড়ত শনিবাৰে নিশা চিনাক্ত হৈছিল ৭জন কোভিড-১৯ পজিটিভ। ইয়াৰ 8জন খোৱাঙৰ এক কোৱাৰেণ্টাইন চেণ্টাৰৰ, দুজন কুটুহা কোৱাৰেণ্টাইন চেণ্টাৰত থকা আৰু আনজন বৰবৰুৱাৰ এজন গাড়ী চালক। চালক জনৰ নিজৰ বাহন নাছিল যদিও বেলেগ বেলেগ লোকৰ গাড়ীৰে ভাৰা নিছিল বিভিন্ন ঠাইলৈ।

ইপিনে কোৱাৰেণ্টাইন চেণ্টাৰৰ বাহিৰৰ লোক কোভিড–১৯ পজিটিভ চিনাক্ত হোৱাৰ লগে লগে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ডিব্ৰুগড়ত। ইতিমধ্যেই জিলা প্ৰশাসনে বৰবৰুৱাৰ উক্ত অঞ্চলটো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি অহা-যোৱা নিষিদ্ধ কৰিছে। কিন্তু স্থানীয় লোকৰ অভিযোগ, কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিয়েই দায়িত্ব সামৰিছে প্ৰশাসনে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ অঞ্চলটোত মাত্ৰ এজন আৰক্ষী কনিষ্ঠবলক পহৰাৰ দায়িত্ব দি, দুডাল বাঁহ বান্ধি দ্বায়িত্ব সামৰিছে। মাত্ৰ এটা পথত ব’ৰ্ড লগাইছে যদিও পথচোৱাত সংলগ্ন কেইবাটাও পথ মুকলি হৈ থকাত কণ্টেইনমেণ্ট জ'নৰ পৰা লোক অহা–যোৱা কৰি আছে।যাৰ ফলত চাঞ্চল্য সৃষ্টি হৈছে।

ইফালে, সমীপতে বহে দেওবাৰীয়া এখন বৃহৎ বজাৰ। কাষতে আছে বাগিচাৰ কেইবাটাও লাইন। আনহাতে, গাড়ী চালক ছবিৰ আলম কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল সেই সন্দৰ্ভত প্ৰশাসনে তথ্য সংগ্ৰহ কৰা লগতে নমুনা পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড়ত সামাজিক সংক্ৰমণ হোৱাৰো আশংকা কৰিছে বিভিন্নজনে।
First published: June 7, 2020, 1:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading