• Home
  • »
  • News
  • »
  • assam
  • »
  • ভুৱা ডকাইতি কাণ্ড! ৮০ হাজাৰ টকা আত্মসাতৰ বাবে চালকে ৰচনা কৰিলে এখন নাটক, কিন্তু আৰক্ষীৰ তদন্তত ওলাল জোলোঙাৰ মেকুৰী

ভুৱা ডকাইতি কাণ্ড! ৮০ হাজাৰ টকা আত্মসাতৰ বাবে চালকে ৰচনা কৰিলে এখন নাটক, কিন্তু আৰক্ষীৰ তদন্তত ওলাল জোলোঙাৰ মেকুৰী

যোৱা ২৬ অক্টোৱৰৰ নিশা বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত খগৰপুৰত নিশা নাৰায়ণ বৰ্মন নামৰ চালকজনে ডকাইতি সংঘটিত হোৱা বুলি আৰক্ষীক অভিযোগ দাখিল কৰে৷

যোৱা ২৬ অক্টোৱৰৰ নিশা বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত খগৰপুৰত নিশা নাৰায়ণ বৰ্মন নামৰ চালকজনে ডকাইতি সংঘটিত হোৱা বুলি আৰক্ষীক অভিযোগ দাখিল কৰে৷

যোৱা ২৬ অক্টোৱৰৰ নিশা বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত খগৰপুৰত নিশা নাৰায়ণ বৰ্মন নামৰ চালকজনে ডকাইতি সংঘটিত হোৱা বুলি আৰক্ষীক অভিযোগ দাখিল কৰে৷

  • Share this:
আৰক্ষীক বিপথে পৰিচালিত কৰি গ্ৰেপ্তাৰ হ’ল চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ চালক এজন৷ বঙাইগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷ সম্প্ৰতি কোচ বিহাৰ জিলাৰ বক্সিৰহাটৰ বাৰদিয়াৰ নাৰায়ন বৰ্মন নামৰ চালকজনক আৰক্ষীয়ে জেৰা চলাই আছে৷

যোৱা ২৬ অক্টোৱৰৰ নিশা বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত খগৰপুৰত নিশা নাৰায়ণ বৰ্মন নামৰ চালকজনে ডকাইতি সংঘটিত হোৱা বুলি আৰক্ষীক অভিযোগ দাখিল কৰে৷ পিষ্টলধাৰী তিনিজনীয়া ডকাইতৰ দলে ডব্লিউ বি ৬৩ বি ৫৪১৯ নম্বৰৰ মালবাহী বলেৰ’ পিকআপ এখন বাইকত অহা ডকাইতৰ দলে ৰাষ্ট্ৰীয় ঘাইপথত আগচি ধৰি নগদ আশী হাজাৰ টকা লুটি নিয়া বুলি আৰক্ষীক এজাহাৰ দাখিল কৰিছিল৷ ইয়াৰ পিছত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে৷

তদন্তৰ মাজতে চালকজনৰ ভাষ্যত সন্দেহ ওপজে৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে চালকজনক ভালদৰে সোধা–পোছা কৰাত সমগ্ৰ ঘটনাক লৈ মিছা নাটক কৰা বুলি জানিব পাৰে৷ চালকজনে পশ্চিম বংগৰ তুফানগঞ্জৰ পৰা গোৱালপাৰালৈ আলমিৰা লৈ আহিছিল৷ সামগ্ৰীখিনি থৈ চালকজনে ওভতাৰ সময়ত লগত থকা ধন আত্মসাত কৰাৰ বাবে এই নাটক কৰে৷

গোৱালপাৰাৰ মা কালী নামৰ দোকানখনত সামগ্ৰীখিনি জমা দিয়াৰ পিছত কিছুধন অনলাইনযোগে দিয়াৰ লগতে নগদ আশী হাজাৰ টকা চালকজনক দিয়ে৷ নিজৰ হাতত থকা এই ধন আত্মসাতৰ বাবে আদবাটত চালকজনে এই নাটক কৰি ডকাইতৰ দলে ধন লুট কৰা বুলি নাটক আৰম্ভ কৰে৷

আৰক্ষীৰ তদন্তত চালকজনে ডকাইতি সংঘটিত নিৰ্দিষ্টকৈ দেখুৱাবলৈ সক্ষম হোৱা নাছিল৷ আৰক্ষীৰ জেৰাত চালকজনে ধনৰ লোভত ডকাইতিৰ মিছা নাটক ৰচনা কৰা বুলি স্বীকাৰ কৰাৰ লগতে নিজৰ ম’বাইলটো ধৰা পৰাৰ ভয়ত কুঁজীয়া নৈত দলিয়াই দিয়া বুলি জানিবলৈ দিয়ে৷  চালকজনে এজাহাৰ দখিল কৰি গুচি যায় যদিও বঙাইগাঁও আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যখনত উপস্থিত হৈ চালকজনক ধৰি আনে৷ চালকজনৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই আশী হাজাৰ টকা উদ্ধাৰ কৰে৷ কুঁজীয়া নৈত আৰক্ষীয়ে ম’বাইলটোৰ বিচাৰ খোচাৰ কৰে যদিও সন্ধান পোৱা নাই৷ চালকজনৰ বিৰুদ্ধে অভয়াপুৰী থানাত এক গোচৰ ৰুজু কৰা হৈছে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি