মহানগৰ আৰক্ষীৰ অভিযানত লখৰাত ৪১ কেজি সন্দেহজনক গাঞ্জা জব্দ

News18 Assam | News18-Assam
Updated:July 18, 2021, 8:19 AM IST
মহানগৰ আৰক্ষীৰ অভিযানত লখৰাত ৪১ কেজি সন্দেহজনক গাঞ্জা জব্দ
লখৰাৰ সেনমেলা নামঘৰৰ সমীপৰ এগৰাকী মহিলাৰ ঘৰত উক্ত অভিযান চলায়।

লখৰাৰ সেনমেলা নামঘৰৰ সমীপৰ এগৰাকী মহিলাৰ ঘৰত উক্ত অভিযান চলায়।

  • Share this:
নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে নিজৰ ৰণচালি। শনিবাৰে সন্ধিয়া পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ চমুকৈ SOGয়ে লখৰাত চলায় এক গাঞ্জাবিৰোধী অভিযান। জানিব পৰা মতে, লখৰাৰ সেনমেলা নামঘৰৰ সমীপৰ এগৰাকী মহিলাৰ ঘৰত উক্ত অভিযান চলায়।

এই অভিযানত দলটোৱে বৃহৎ পৰিমাণৰ সন্দেহজনক গাঞ্জা জব্দ কৰে। মন কৰিবলগীয়া কথা যে, জব্দকৃত গাঞ্জাখিনিৰ ওজন ৪১ কেজি আৰু ইয়াৰ বজাৰমূল্য লক্ষাধিক টকাৰ হ'ব বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, SOGৰ দলটোৰ অভিযানৰ উমান পাই মহিলাগৰাকীয়ে পলায়ন কৰে। পলাতক মহিলাগৰাকীৰ বিৰুদ্ধে গড়চুক আৰক্ষী থানাত NDPS আইনৰ অধীনত ৰুজু কৰা হৈছে এক গোচৰ। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Published by: Sanjay Kumar Das
First published: July 18, 2021, 8:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি