• Home
  • »
  • News
  • »
  • assam
  • »
  • অৱশেষত সমাধান হ’ল যোৰহাট নগৰৰ পানী যোগান সমস্যা, অসম নগৰ পানী যোগান আৰু পয়প্ৰণালী পৰিষদৰ কৰ্মচাৰীৰ কৰ্মবিৰতি প্ৰত্যাহাৰ

অৱশেষত সমাধান হ’ল যোৰহাট নগৰৰ পানী যোগান সমস্যা, অসম নগৰ পানী যোগান আৰু পয়প্ৰণালী পৰিষদৰ কৰ্মচাৰীৰ কৰ্মবিৰতি প্ৰত্যাহাৰ

মঙলবাৰৰ পুৱাৰে পৰা পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যোৰহাট নগৰৰ বহু পৰিয়ালত।

মঙলবাৰৰ পুৱাৰে পৰা পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যোৰহাট নগৰৰ বহু পৰিয়ালত।

মঙলবাৰৰ পুৱাৰে পৰা পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যোৰহাট নগৰৰ বহু পৰিয়ালত।

  • Share this:
মঙলবাৰৰ দিনটো পানীৰ বাবে যোৰহাট নগৰৰ বহু পৰিয়ালে হাহাকাৰ কৰি দুঃচিন্তাত ভুগি থকাৰ পিছত মঙলবাৰৰ নিশালৈ এই সমস্যাৰ সমাধান সূত্ৰ ওলায়। আন্দোলনকাৰী কৰ্মচাৰীসকলৰ আঠ মাহৰ বকেয়া দৰমহা অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ পৰা আগষ্ট মাহৰ ভিতৰত প্ৰদান কৰাৰ নিশ্চয়তা প্ৰদান কৰাত কৰ্মচাৰীসকলে সাময়িকভাৱে অসহযোগ কাৰ্যসূচী উঠায় লয়।

উল্লেখযোগ্য যে মঙলবাৰৰ পুৱাৰে পৰা পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যোৰহাট নগৰৰ বহু পৰিয়ালত। কাৰণ অসম নগৰ পানী যোগান আৰু পয়প্ৰণালী পৰিষদৰ শ্ৰমিক আৰু কৰ্মচাৰী সন্থাই ২৭ জুলাইৰ পৰা ২৯ জুলাইলৈকে অসহযোগ কাৰ্যসূচী ঘোষণা কৰিছিল তেওঁলোকৰ আঠমাহৰ বকেয়া দৰমহা আদায় দিয়াকে ধৰি কেইবাটাও সমস্যা সমাধান কৰাৰ দাবীত।

তিনিদিনৰ বাবে পানী যোগান ব্যাহত হ’লে যোৰহাট নগৰৰ ১২ সহস্ৰাধিক পৰিয়ালৰ এক লক্ষাধিক লোকৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাটো নিশ্চিত আছিল। আৰু সেই বাবে এই সমস্যা সমাধানৰ বাবে ব্যস্ত হৈ পৰিছিল যোৰহাট জিলা প্ৰশাসন, আৰক্ষী অধীক্ষকৰ লগতে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী। কিন্তু ইয়াৰ বিপৰীতে অসম নগৰ পানী যোগান আৰু পয়প্ৰণালী পৰিষদৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই সমস্যা সমাধানৰ বাবে বিশেষ কোনো ব্যৱস্থা হাতত লোৱাত ব্যৰ্থ হৈছিল। আৰু ইয়াৰ বিপৰীতে নিজৰ স্থিতিত আকোঁৰগোজ হৈ আছিল আন্দোলনকাৰী শ্ৰমিক আৰু কৰ্মচাৰীসকল। মঙলবাৰে দুপৰীয়া কৰ্মচাৰীসকলৰ সৈতে যোৰহাটৰ উপায়ুক্তৰ আলোচনা অনুষ্ঠিত হৈছিল যদিও কোনো সমাধান সূত্ৰ ওলোৱা নাছিল।

অৱশেষত সমগ্ৰ বিষয়টো যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিভাগীয় মন্ত্ৰী অশোক সিংঘালক অৱগত কৰে। ইয়াৰ পিছতে বিষয়টো গুৰুত্ব সহকাৰে লয় অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙে। মঙলবাৰে সন্ধিয়া পুনৰ এই সন্দৰ্ভত আন্দোলনকাৰী কৰ্মচাৰীসকলৰ সৈতে যোৰহাটৰ উপায়ুক্তৰ এক বৈঠক অনুষ্ঠিত হয়। আৰু এই বৈঠকতে অতিৰিক্ত মুখ্য সচিবৰ তৰফৰ পৰা বকেয়া দৰমহাসমূহ আগষ্ট মাহৰ ভিতৰত প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত কৰ্মবিৰতি উঠায় লয় কৰ্মচাৰীসকলে। আলোচনাত যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, সন্থাৰ সভাপতি বাবুল বৰা, সম্পাদক অঞ্জন শৰ্মাকে ধৰি বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰি বিষয়টো মীমাংসা কৰে।

"আমাক অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ পৰা অহা আগষ্ট মাহৰ ভিতৰত বকেয়া দৰমহাসমূহ আদায় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। যোৰহাটৰ উপায়ুক্ত মহোদয়ে কথাখিনি আমাক অৱগত কৰিছে। গতিকে আমি আমাৰ কৰ্মবিৰতি প্ৰত্যাহাৰ কৰিছো।", অসম নগৰ পানী যোগান আৰু পয়প্ৰণালী পৰিষদ শ্ৰমিক আৰু কৰ্মচাৰী সংস্থাৰ সভাপতি বাবুল বৰাই এনেদৰে কয়।

উল্লেখ্য, পৰিষদৰ যোৰহাট ডিভিজনৰ কাৰ্যালয়টোত মাহে ৪০–৫০ লাখ টকা গ্ৰাহকৰ পৰা ৰাজহ সংগ্ৰহ হয় আৰু এই কাৰ্যালয়টোৱে লাভ অৰ্জন কৰি আহিছে। কিন্তু এই ধনৰাশি পৰিষদৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয় বাবে লাভত থকা যোৰহাট সংমণ্ডলৰ কাৰ্যালয়টোৱে বিভিন্ন কামৰ বাবে প্ৰায়ে আৰ্থিক সংকটৰ সন্মুখীন হৈ আহিবলগা হৈছে।
Published by:Sanjay Kumar Das
First published: