অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত খোৱাপানীৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে ভকত-বৈষ্ণৱ। গুৰুজনাৰ পৱিত্ৰ জন্মস্থানটো সৰ্বাংগসুন্দৰ কৰাৰ উদ্দেশ্যে কেইবাকোটি টকা ব্যয়েৰে নিৰ্মাণকাৰ্য চলি আছে বৃহৎ প্ৰকল্পৰ। তাৰ সমান্তৰালকৈ কেইবাকোটি টকা ব্যয়েৰে তিনিটাকৈ জল জীৱন আঁচনিৰ প্ৰকল্পৰো নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে।
তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতিৰ বাবে ভক্ত–বৈষ্ণৱে দুৰ্ভোগ ভুগিবলগীয়া হৈছে গুৰুজনাৰ জন্মস্থানত । বটদ্ৰৱা থানত গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনাই ভকত–বৈষ্ণৱ, তীৰ্থযাত্রীয়ে উৎকত গৰমত এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।
নিশা অনুষ্ঠিত পৰম্পৰাগত ভোজন বেহাৰ ভাওনাৰ গোপ বালকসকলে নাপালে এটুপি পানী। বটদ্ৰৱা থানত এই বিশেষ দিনটোত এটুপি পানী নাপায় ক্ষোভ প্ৰকাশ কৰিছে ভকত–বৈষ্ণৱৰ লগতে বটদ্ৰৱাবাসীয়ে।
![]()
ইতিমধ্যে পানীৰ বাবে হাহাকাৰময় পৰিস্থিতি হোৱাত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ'লগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই কয় যে বিভাগীয় গাফিলতিৰ বাবে বটদ্ৰৱাত খোৱাপানীৰ সমস্যা হৈছে ।
উল্লেখযোগ্য যে মহপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থানৰ নৱনিৰ্বাচিত থান পৰিচালনা সমিতিখনৰ অৰাজকতাৰ বাবে ভকত–বৈষ্ণৱে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|