• Home
  • »
  • News
  • »
  • assam
  • »
  • আবকাৰী বিষয়াই সুৰাপান কৰি পথ দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ! ৰাইজৰ দাবীত আৰক্ষীয়ে কৰিলে সুৰাপান কৰা-নকৰাৰ পৰীক্ষা

আবকাৰী বিষয়াই সুৰাপান কৰি পথ দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ! ৰাইজৰ দাবীত আৰক্ষীয়ে কৰিলে সুৰাপান কৰা-নকৰাৰ পৰীক্ষা

স্থানীয় লোকে দুৰ্ঘটনা সংঘটিত কৰা বিষয়াগৰাকীৰ ৰেহৰূপ চাই সুৰাপান কৰি গাড়ী চলোৱাৰ সন্দেহ প্ৰকাশ কৰে।

স্থানীয় লোকে দুৰ্ঘটনা সংঘটিত কৰা বিষয়াগৰাকীৰ ৰেহৰূপ চাই সুৰাপান কৰি গাড়ী চলোৱাৰ সন্দেহ প্ৰকাশ কৰে।

স্থানীয় লোকে দুৰ্ঘটনা সংঘটিত কৰা বিষয়াগৰাকীৰ ৰেহৰূপ চাই সুৰাপান কৰি গাড়ী চলোৱাৰ সন্দেহ প্ৰকাশ কৰে।

  • Share this:
যোৰহাট নগৰৰ ৰাজপথত শনিবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। যোৰহাটৰ এগৰাকী আবকাৰী বিষয়াই চলাই অহা বিভাগীয় গাড়ীখনে নগৰৰ জেইলৰোডত নিয়ন্ত্ৰণ হেৰুৱাই ফুটপাথৰ কাষত থকা এখন দোকান মহতিয়াই লৈ যায়। ঘটনাত গাড়ীখনৰো বিস্তৰ ক্ষতিসাধন হয়। দৈৱক্ৰমে দুৰ্ঘটনাটোত কোনো লোক হতাহত নহ'ল ।

আন দহটা সাধাৰণ দুৰ্ঘটনাৰ দৰে হ'লেও এই ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে এটা বিশেষ কাৰণত। স্থানীয় লোকে দুৰ্ঘটনা সংঘটিত কৰা বিষয়াগৰাকীৰ ৰেহ-ৰূপ চাই সুৰাপান কৰি গাড়ী চলোৱাৰ সন্দেহ প্ৰকাশ কৰে।  AS-03-T-4899 নম্বৰৰ বিভাগীয় গাড়ীখন চলাই আহি দুৰ্ঘটনা সংঘটিত কৰিছিল যোৰহাটৰ আবকাৰী পৰিদৰ্শক ইমতিয়াজ আলীয়ে। সেয়েহে স্থানীয় লোকে বিষয়াগৰাকীৰ সুৰাপান কৰা নকৰাৰ পৰীক্ষা কৰিবলৈ দাবী জনায়। অবৈধ সুৰাৰ বিৰুদ্ধে অভিযানৰ দায়িত্বত থকা এগৰাকী দায়িত্বশীল বিষয়াৰ এনে কাণ্ডৰ বাবে স্থানীয় লোকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিন্তু ৰাইজৰ অভিযোগৰ বিপৰীতে বিষয়াগৰাকীয়ে এই অভিযোগ নাকচ কৰিছে। বিষয়াগৰাকীয়ে কয় যে, তেওঁ সুৰাপান কৰা নাই আৰু লগৰ কৰ্মচাৰীসকলক থৈ উভতি আহোতে হঠাৎ এই দুৰ্ঘটনা সংঘটিত হয়।

সৌভাগ্যবশতঃ দুৰ্ঘটনাটোত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও গাড়ীখন আৰু গুমটিখন বিধ্বস্ত হৈ পৰে। আৰক্ষীয়ে বিষয়াগৰাকীক আটক কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিষয়াগৰাকীৰ ওপৰত আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সুৰাপান কৰাৰ অভিযোগ উঠাৰ বাবে বিষয়াগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোতে এলকহলৰ মাত্ৰা পৰীক্ষা কৰিবলৈয়ো দিয়া হৈছে বুলি জানিবলৈ দিছে যোৰহাট আৰক্ষীৰ যানবাহন শাখাই। ক'ভিড প্ৰটকলৰ বাবে ব্ৰেথ এনালাইজাৰৰ জৰিয়তে পৰীক্ষা কৰিব পৰা নগ'ল বুলি আৰক্ষীয়ে।
Published by:Himangshu Bhuyan
First published: