শিলিগুৰিত পত্নীসহ আত্মগোপন কৰি আছিল শিশু নিৰ্যাতনকাৰী চিকিৎসক সিদ্ধিপ্ৰসাদে, আৰক্ষীৰ জেৰাত পোহৰলৈ বহু তথ্য

শনিবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে ৰহা টোল গেটত পত্নীসহ গ্ৰেপ্তাৰ কৰে ডা০ সিদ্ধিপ্ৰসাদ দেউৰীক।
শনিবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে ৰহা টোল গেটত পত্নীসহ গ্ৰেপ্তাৰ কৰে ডা০ সিদ্ধিপ্ৰসাদ দেউৰীক।
- News18 Assam
- Last Updated: September 6, 2020, 5:10 PM IST
নিজৰ ইন'ভা গাড়ীৰে ডিব্ৰুগড়ৰ পৰা পলায়ন কৰা ডা০ সিদ্ধিপ্ৰসাদ আৰু মিতালী কোঁৱৰ পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ শিলিগুৰিত আত্মগোপন কৰি আছিল। আনকি শিলিগুৰিৰ পৰাই ফোনযোগে অধিবক্তাৰ পৰা আইনী সাহাৰ্য বিচাৰি যোগাযোগ কৰিছিল। কিন্তু শনিবাৰে নিশা শিলিগুৰিৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা অৱস্থাত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনা আৰু উপ পৰিদৰ্শক ৰাজীৱ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰহাৰ টোলগেটৰ ওচৰত গ্ৰেপ্তাৰ কৰে দুয়োকে।
গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োকে আৰক্ষীয়ে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যায়। চিকিত্সালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত নগাওঁ আৰক্ষীয়ে ডা০ সিদ্ধিপ্ৰসাদ আৰু মিতালী কোঁৱৰক ডিব্ৰুগড় আৰক্ষীৰ হাতত গতাই দিয়ে। নিশাই ডিব্ৰুগড় আৰক্ষীয়ে দুয়োকে ডিব্ৰুগড় সদৰ আৰক্ষী চকীলৈ লৈ যায়। বৰ্তমান ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত থকা চিকিৎসক আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী কৰিছে বিভিন্ন দল সংগঠনে।