যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয়ৰ সমাজ সেৱা বিভাগৰ অধ্যক্ষ ড০ ৰূপকজ্যোতি বৰাৰ অনবদ্য গ্ৰন্থ The Elephant and the Samurai : Why Japan Can Trust India পৃথিৱীৰ বিভিন্ন খ্যাতনামা পুথিভঁৰালত সংযুক্ত হৈছে। এই গ্ৰন্থখনে ভাৰত আৰু জাপানৰ ঐতিহাসিক সম্পৰ্কৰ কথা অৱগত কৰিছে।
গ্ৰন্থখনত ড০ বৰাই ভাৰত-জাপানৰ সম্পৰ্ক কেনেদৰে বিকশিত হৈছে তাৰ সমাজতাত্ত্বিক বিশ্লেষণ আগবঢ়াইছে। ঐতিহাসিক পটভূমিৰ পৰা সাম্প্ৰতিক ভাৰত–জাপন সম্পৰ্কৰ এক ৰূপৰেখা দাঙি ধৰিছে এই গ্ৰন্থখনে। এছিয়াৰ মুখ্য শক্তিসমূহৰ আন্তৰ্জাতিক সুৰক্ষাৰ প্ৰতি আগ্ৰহী যিকোনো লোকৰ বাবে তেওঁৰ এই কিতাপখন পঢ়াৰ প্ৰয়োজনীয়তা আছে। সমাজবিজ্ঞানী ড০ ৰূপকজ্যোতি বৰাৰ গ্ৰন্থখনে আন্তৰ্জাতিক মঞ্চতো সমাদৰ লাভ কৰিছে।
উল্লেখ্য, বিভিন্ন পুথিভঁৰালত উপলব্ধ ড০ বৰাৰ এই গ্ৰন্থখনৰ লিংকসমূহ এনেধৰণৰ–
ষ্টেনফৰ্ড ইউনিভাৰ্ছিটীঃ https://searchworks.stanford.edu/view/12422477
প্ৰিন্সটন ইউনিভাৰ্ছিটীঃ https://catalog.princeton.edu/catalog/SCSB-8957945
আমেৰিকা ৰাষ্ট্ৰীয় পুথিভঁৰালঃ https://catalogue.nla.gov.au/Record/7373925
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|