২০২১ৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে এতিয়া তৎপৰ হৈছে শাসক বিৰোধী। শাসক বিৰোধী বিভিন্ন দলে আৰম্ভ কৰিছে নিজৰ নিজৰ দলৰ ৰণকৌশল। পিছপৰি ৰোৱা নাই আঞ্চলিক দল অসম গণ পৰিষদো।
অন্যান্য দলৰ দৰেই অগপয়ো বুধবাৰে দলৰ আমবাৰীৰ মূখ্য কাৰ্য্যলয়ত অনুষ্ঠিত কৰে যোগদান কাৰ্য্যসূচী। বুধবাৰে অগপ দলত যোগ দিলে শিক্ষাবিদ ড০ ৰঞ্জিত ডেকাই।পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ অধ্যক্ষ শিক্ষাবিদ ৰঞ্জিত ডেকাই পাটাচাৰকুছি সমষ্টিৰ পৰা বিচাৰিব দলীয় টিকট।
অতি তাৎপৰ্যপূৰ্ণ ভাৱে ড০ ৰঞ্জিত ডেকাই যোগদান কৰা সভাত উপস্থিত নাছিল পাটাচাৰকুছি সমষ্টিৰ অগপ দলৰ জ্যেষ্ঠ বিধায়ক পবিন্দ্ৰ নাথ ডেকা। ইফালে অগপৰ সভাপতি অতুল বৰাৰ নিৰ্বাচন অবৈধ নহয় বুলি বুধবাৰে ৰায় দিলে কামৰূপ মেট্ৰো জিলা ন্যায়াধীশে। পূৰ্বৰ নিম্ন দেৱানী আদালতৰ ৰায়ক স্থগিত কৰে জিলা ন্যায়াধীশে।
এই কথা বুধবাৰে সংবাদ মাধ্যমক জনাই জ্যেষ্ঠ অধিবক্তা বিজন মাহাজনে। বুধবাৰৰ সভাত দলৰ সভাপতি অতুল বৰাৰ লগতে আন দুগৰাকী মন্ত্ৰী কেশৱ মহন্ত আৰু ফনীভূষণ চৌধুৰী উপস্থিত আছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|