• Home
  • »
  • News
  • »
  • assam
  • »
  • Dr. Papul Changmai : ড০ পাপুল চাংমাইলৈ ২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষক বঁটা, উত্তৰ-পূব ভাৰতৰ পৰা একমাত্ৰ বঁটাপ্ৰাপক

Dr. Papul Changmai : ড০ পাপুল চাংমাইলৈ ২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষক বঁটা, উত্তৰ-পূব ভাৰতৰ পৰা একমাত্ৰ বঁটাপ্ৰাপক

তেওঁ ৰাষ্ট্ৰসংঘৰ বহনক্ষম লক্ষ্য পূৰণৰ দিশত যথেষ্ট অৱদান আগবঢ়াইছে।

তেওঁ ৰাষ্ট্ৰসংঘৰ বহনক্ষম লক্ষ্য পূৰণৰ দিশত যথেষ্ট অৱদান আগবঢ়াইছে।

তেওঁ ৰাষ্ট্ৰসংঘৰ বহনক্ষম লক্ষ্য পূৰণৰ দিশত যথেষ্ট অৱদান আগবঢ়াইছে।

  • Share this:
অসমৰ ড০ পাপুল চাংমাইলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ সন্মানীয় 'ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষক' বঁটা। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৬ ছেপ্টেম্বৰত নতুন দিল্লীত তেওঁক এই বঁটা প্ৰদান কৰে। উচ্চ শিক্ষাখণ্ডত এই বঁটা লাভ কৰা ড০ পাপুল চাংমাই হৈছে আটাইতকৈ কনিষ্ঠ আৰু উত্তৰ-পূব ভাৰতৰ পৰা একমাত্ৰ বঁটাপ্ৰাপক।

অল ইন্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচনে ২০২২–২৩ বৰ্ষৰ বাবে এই বঁটা আগবঢ়াইছে৷ কাৰিকৰী শিক্ষালৈ বিশেষ অবদান আগবঢ়োৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচ্চ শিক্ষাৰ শিক্ষকসকলক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়৷ উত্তৰ–পূব ভাৰতত অভিযান্ত্ৰিক শিক্ষা জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত তেওঁৰ বিশেষ অৱদানৰ বাবে বাছনি সমিতিয়ে তেওঁৰ নামটো অনুমোদন জনাইছিল৷

ড০ চাংমায়ে উচ্চ প্ৰতিষ্ঠিত SCI Journalত কেইবাটাও প্ৰবন্ধ প্ৰকাশ কৰিছে। উল্লেখ্য, অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিবলৈ ড০ চাংমায়ে কেইবাটাও ইঞ্জিনিয়াৰিঙৰ ভিডিঅ' বক্তৃতাৰ চিৰিজ অসমীয়াত প্ৰস্তুত কৰি গুৰত্বপূর্ণ অৱদান আগবঢ়াইছে৷ তেওঁ এনপিটিইএল ভিডিঅ' বক্তৃতা ছিৰিজো অসমীয়া ভাষালৈ অনুবাদ কৰিছে৷

তেওঁ ৰাষ্ট্ৰসংঘৰ বহনক্ষম লক্ষ্য পূৰণৰ দিশত যথেষ্ট অৱদান আগবঢ়াইছে। যোৱা ৭ বছৰ ধৰি তেওঁ ভাৰতৰ উত্তৰ-পূব অংশত সৌৰ পিভি শক্তিৰ প্ৰচাৰৰ চেষ্টা কৰি আছে৷ ইয়াৰ সৈতে সংগতি ৰাখি, তেওঁ কম ব্যয়ৰ সৌৰ পিভি মডিউল আৰু এটা সৌৰ টিল্ট কোণ কেলকুলেটৰ বিকাশ আৰু ডিজাইন কৰিছে, যিবোৰ পেটেন্টৰ বাবে দাখিল কৰা হ'ব।

বৰ্তমান ড০ চাংমায়ে অসম ডনবস্কো বিশ্ববিদ্যালয়, গুৱাহাটীত স্কুল অৱ টেকন'লজীৰ সহকাৰী অধ্যাপক হিচাপে কাম কৰি আছে। নিয়মীয়া শিক্ষাদান কাৰ্যকলাপৰ উপৰি যোৱা ৫ বছৰ ধৰি তেওঁ বিশ্ববিদ্যালয়ৰ এনচিচি কাৰ্যকলাপৰ ন'ডেল বিষয়া হিচাপে কাম কৰি আছে৷ এনএএচি, এনবিএ আদিৰ দৰে বিশ্ববিদ্যালয়ৰ সহঃ শৈক্ষিক কাৰ্যকলাপৰ ক্ষেত্ৰতো তেওঁৰ অৱদান অতি গুৰুত্বপূৰ্ণ।
Published by:Gautam Barman
First published: