ডিমা হাছাও জিলাৰ অৱস্থা অতি শোচনীয়। বিগত পাঁচ-ছয় দিন ধৰি দি থকা বৰষুণৰ ফলত হাফলঙৰ সৈতে দেশৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। কেৱল হাফলঙেই নহয় মাইবং, মাহুৰ, জাতিংগা, দেহাংগী আদি অঞ্চলৰ মূল পথ বানপানীয়ে উটুৱাই লৈ যায়। পাহাৰীয়া মনোমোহা জিলাখনৰ ক্ষতিগ্ৰস্ত অঞ্চল মঙলবাৰে পৰ্যবেক্ষণ কৰে অসম বিধান সভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে।
ডিমা হাছাওৰ মাইবং, লাংটি, হাটিখালি আদি অঞ্চল ভ্ৰমণ কৰে ডাঃ নোমল মোমিনে। পৰিদৰ্শন কালত উপাধাক্ষ নোমল মমিনৰ সৈতে আছিল লাংটিঙৰ পৰিষদীয় সমষ্টিৰ MAC তথা কাৰ্য্যবাহী সদস্য গুলঞ্জ থাউছেন আৰু কাৰ্বি আংলঙৰ নিলিপ সমষ্টিৰ পাৰিষদ পৱিত্ৰ ৰংপি। ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰাৰ লগতে বিভিন্ন আশ্ৰয় শিবিৰত থকা লোকসকলক শীঘ্ৰে সাহায্য প্ৰদানৰ বাবেও ডিমা হাছাও (Dima Hasao) জিলাৰ উপায়ুক্তক ফোন কৰি অনুৰোধ জনায় ডাঃ নোমল মমিনে।
Published by: Gautam Barman
FIRST PUBLISHED : May 17, 2022, 17:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।