শুকুৰবাৰে ভাষা ৰক্ষাৰ স্বাৰ্থত বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ পোষকতা কৰে বৰেণ্য সাহিত্যিক ড০ নগেন শইকীয়াই।
শুকুৰবাৰে ভাষা ৰক্ষাৰ স্বাৰ্থত বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ পোষকতা কৰে বৰেণ্য সাহিত্যিক ড০ নগেন শইকীয়াই।
শেহতীয়াকৈ বৰাকত চলিছে অসমীয়া ভাষা হটাও অভিযান। অসমীয়া ভাষাত লিখা চৰকাৰী বেনাৰত ক'লা ৰং সানি বৰাক উপত্যকাত কোনো পধ্যেই অসমীয়া ভাষাক মানি নোলোৱাৰ হুংকাৰ দিছে বাঙালী সংগঠনে।
আনকি অসমীয়া জাতীয়তাবাদকো তুচ্ছ তাচ্ছিল্ল কৰিছে সংগঠন কেইটাই। যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে বৃহত্তৰ অসমীয়া জাতি। তাৰ মাজতে শুকুৰবাৰে ভাষা ৰক্ষাৰ স্বাৰ্থত বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ পোষকতা কৰে বৰেণ্য সাহিত্যিক ড০ নগেন শইকীয়াই।
নগেন শইকীয়াই কয় যে, 'বৰাক উপত্যকাক পৃথক ৰাজ্য কৰি দিয়া উচিত। বৰাক পৃথক ৰাজ্য হ'লে আমাৰ বাবে মূৰৰ কামূৰণি নাইকীয়া হ'ব। আমাৰ লগত চুবুৰীয়া ৰাজ্য হিচাপে থাকক। ভাষাৰ বিদ্বেষে কেনেধৰণৰ অৱস্থাৰ সৃষ্টি কৰিব পাৰে আমি জানো। সৰু সৰু কথাৰ পৰাই খান্দব দাহ হ'ব পাৰে। গতিকে তেওঁলোকে নিজৰ নিজৰ ভাষা সংস্কৃতি লৈ থাকক। আৰু অসমীয়া মানুহখিনিক সুৰক্ষা দিয়ক। আৰু তেওঁলোক শান্তিৰে থাকক।'
ইফালে সাহিত্যিকগৰাকীৰ এনে মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহুতে নগেন শইকীয়াক সমৰ্থন জনোৱাৰ বিপৰীতে বহুতে পৃথক ৰাজ্য দিয়াতকৈ আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধান কৰিব লাগে বুলি জনাইছে। তাৰ মাজতে বিতৰ্কিত বিজেপি নেতা শিলাদিত্য দেবে মুছলমান মৌলবাদীয়ে হিন্দুসকলৰ মাজত বিভাজন আনিবলৈ এনেকাম কৰিছে বুলি বিস্ফোৰক অভিযোগ আনিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|