শনিবাৰে পুৱা মহকুমাধিপতি বিপুল দাসে শুভাৰম্ভ কৰাৰ পিছতেই কোভিডৰ ভেকচিন গ্ৰহণ কৰে৷
শনিবাৰে পুৱা মহকুমাধিপতি বিপুল দাসে শুভাৰম্ভ কৰাৰ পিছতেই কোভিডৰ ভেকচিন গ্ৰহণ কৰে৷
দেশজুৰি আৰম্ভ হৈছে কোভিড ভেকচিন দিয়াৰ প্ৰক্ৰিয়া৷ কোভিডৰ বিৰুদ্ধে মানৱে কৰা যুঁজে অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু এই যুঁজত মানৱ জাতিৰে জয় অনিবাৰ্য বুলি নিশ্চিত হৈছে৷ অসমৰ ভিতৰতে প্ৰথম কোভিড ভেকচিন লোৱা ব্যক্তিৰূপে পৰিগণিত হ’ল বোকাখাতৰ ডাঃ মিলন কুমাৰ লস্কৰ৷ বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ মিলন কুমাৰ লস্কৰে শনিবাৰে পুৱা মহকুমাধিপতি বিপুল দাসে শুভাৰম্ভ কৰাৰ পিছতেই কোভিডৰ ভেকচিন গ্ৰহণ কৰে৷
ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ এ এন এম ৰীতা ভূঞাই বোকাখাতৰ মহকুমাধিপতি বিপুল দাস, বোকাখাত মহকুমাৰ ছহিদ কমলা মিৰি অসামৰিক হাস্পতালৰ অধীক্ষক ডাঃ অপূৰ্ব কুমাৰ শৰ্মা, মহকুমা স্বাস্থ্য বিষয়া ডাঃ ভাৰত ফুকনৰ উপস্থিতিত ডাঃ লস্কৰক ভেকচিনৰ প্ৰথমটো ড'জ দিয়ে৷ ইয়াৰ পিছতে ডাঃ লস্কৰক মহকুমা প্ৰশাসনৰ পৰা এখন গামোচাৰে আদৰণী জনায়৷
ভেকচিন লোৱাৰ পিছত সামান্য আৱেগিক হোৱা ডাঃ মিলন কুমাৰ লস্কৰে পৰ্যায়ক্ৰমে সকলোকে কোনো সংকোচ নকৰাকৈ ভেকচিন লোৱাৰ আহ্বান জনাই আৰু ভেকচিনে কাৰো কোনো অপকাৰ নকৰিব বুলি আশা প্ৰকাশ কৰে৷ ডাঃ মিলন কুমাৰ লস্কৰক স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো শুভেচ্ছা জনাইছে৷ মৰিগাঁৱৰ পৰা আহি বোকাখাতত স্থায়ীভাৱে বসতি আৰম্ভ কৰা ডাঃ লস্কৰৰ পত্নী অজন্তা তালুকদাৰ নুমলীগড় জুনিয়ৰ কলেজৰ অধ্যাপিকা৷
বোকাখাতৰ ছহিদ কমলা মিৰি হাস্পতালৰ উপৰি গোলাঘাট জিলাৰ নুমলীগড় তেল শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ হাস্পতাল, গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ হাস্পতালতো কোভিড ভেকচিন দিয়া হৈছে৷ প্ৰতিখন চিকিৎসা প্ৰতিষ্ঠানতে ১০০ জনকৈ মুঠ ৩০০ জনক ভেকচিন দিয়াৰ পৰিকল্পনা কৰিছে৷ বোকাখাত মহকুমাত কোভিড–১৯ত আক্ৰান্ত হৈ ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০৬৯ জন লোক আক্ৰান্ত হৈছিল৷ প্ৰথম পৰ্যায়ত ১১টা বাকছত ভেকচিন অনা হৈছে৷ প্ৰথম পৰ্যায়ত আশা কৰ্মী আৰু স্বাস্থ্য বিভাগৰ লগত জড়িত লোকক প্ৰদান কৰিব কোভিড ভেকচিন৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|