
পেছাত পশু চিকিৎসক জেবিনে গৌৰাম্বিত কৰিলে সমগ্ৰ মঙলদৈবাসীক
পেছাত পশু চিকিৎসক জেবিনে গৌৰাম্বিত কৰিলে সমগ্ৰ মঙলদৈবাসীক
শুকুৰবাৰে ঘোষিত হোৱা অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ চূড়ান্ত ফলাফলে ৰাজ্যখনত এক উল্লাসমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এই পৰীক্ষাৰ সকলো পৰ্যায় পাৰ কৰা প্ৰাৰ্থীসকলকে আদি কৰি তেঁওলোকৰ পৰিয়াল তথা ওচৰ–চুবুৰীয়া সকলোৱে উৎফুল্লিত হৈছে। অসম লোকসেৱা আয়োগ (APSC) ৰ পৰীক্ষাত বিভিন্ন পোষ্টত উত্তীৰ্ণ হৈছে প্ৰাৰ্থীসকল। কোনোবাই যদি প্ৰথমবাৰতে পৰীক্ষা উত্তীৰ্ণ হৈছে, আন কোনোবাই কেইবাটাও এটেম্টৰ পাছত এইবাৰ উত্তীৰ্ণ হ'ল এই পৰীক্ষা।
অসমৰ এগৰাকী চিকিৎসকেও উত্তীৰ্ণ হৈছে APSCৰ পৰীক্ষাত। ৰাজ্যখনৰ ভিতৰতে তৃতীয় স্থানত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল মঙলদৈ অধিকাৰী গাঁৱৰ ডাঃ জেবিন গোলনাৰ। তেওঁ পেছাত এগৰাকী পশু চিকিৎসক আৰু অসমৰ ভিতৰত ACSত তৃতীয় স্থান লাভ কৰি মঙলদৈলৈ লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ডাঃ গোলনাৰৰ সাফল্যত উৎফুল্লিত মঙলদৈবাসী।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|