
বিশিষ্ট বুদ্ধিজীৱিজনে শ্বাৰ্জিল ইমামক দেশদ্ৰোহী আখ্যা দিয়াতো হাস্যকৰ আখ্যা দিয়ে
বিশিষ্ট বুদ্ধিজীৱিজনে শ্বাৰ্জিল ইমামক দেশদ্ৰোহী আখ্যা দিয়াতো হাস্যকৰ আখ্যা দিয়ে
শুকুৰবাৰে শ্বাহিনবাগৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলক বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়া বাঁওপন্থী নেতা শ্বাৰ্জিল ইমামৰ পক্ষত অৱস্থান কৰিছে অসমৰ বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেণ গোঁহাইয়ে। বিশিষ্ট বুদ্ধিজীৱিজনে, শ্বাৰ্জিল ইমামক দেশদ্ৰোহী আখ্যা দিয়াতো হাস্যকৰ আখ্যা দিয়ে। আৱোগতহে শ্বাৰ্জিল ইমামে অসমক দেশৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি কৈছিল বুলি উল্লেখ কৰে গোঁহাইয়ে।
উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশত শুকুৰবাৰে ৰাজহুৱাকৈ অসমৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰি মুছলামনক উচতনিমূলক উদ্দেশ্যি মন্তব্য কৰিছিল ইমামে। শ্বাহীনবাগত শ্বাৰ্জিল ইমাম নামৰ বাওঁপন্থী নেতাজনে সকলো মুছলামনক একত্ৰিত হ’বলৈ কৈছিল। পিছত ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|