অখিল গগৈয়ে কোৱাৰ দৰে AIUDF সাম্প্ৰদায়িক নহয়ঃ হীৰেণ গোহাঁই
অখিল গগৈয়ে কোৱাৰ দৰে AIUDF সাম্প্ৰদায়িক নহয়ঃ হীৰেণ গোহাঁই
ৰাইজৰ দলৰ মুখ্য উপদেষ্টা পদৰ পৰা অব্যাহতি ল'লে বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁইয়ে। অখিল গগৈয়ে কাৰাগাৰৰ পৰা লিখা পত্ৰত অসন্তুষ্টি প্ৰকাশ কৰি মুখ্য উপদেষ্টা পদৰ পৰা ল'লে অব্যাহতি। হীৰেণ গোহাঁইৰ মতে, অখিল গগৈয়ে কাৰাগাৰৰ পৰা যিখন পত্ৰ লিখিলে, সেইখন চিঠি তেওঁ পূৰ্বতে কোৱা কথাৰ সম্পূৰ্ণ বিপৰীত।
হীৰেণ গোঁহাইৰ মতে, অখিল গগৈৰ পত্ৰ ভিত্তিহীন, অবাস্তৱ। তেওঁৰ সেয়া ভ্ৰান্ত ধাৰণা। অখিলে কোৱা কথাই বিজেপি বিৰোধী ভোট বিভাজিত কৰিব। AIUDF বিৰুদ্ধে যিবোৰ ওলাইছে সেইবোৰত কিন্তু মোৰ বিশ্বাস হোৱা নাই। AIUDF দলে হিন্দু সমাজৰ বাবে বেয়া কাম কৰা নাই।'
ইফালে হীৰেণ গোহাঁইয়ে স্পষ্টীকৰণ দি কয় যে, 'মই কংগ্ৰেছৰ ভক্ত নহয়। মই বিগত সময়ত কংগ্ৰেছৰ বিৰুদ্ধে বহু লিখা মেলা কৰিছো। কিন্তু মই চৰ্ট সাপেক্ষে সমৰ্থন কৰিব ওলাইছো।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|