বিজেপি পুনৰ শাসনলৈ অহাটো কিয় নিবিচাৰে ড০ হীৰেন গোহাঁয়ে?

মই বিজেপি পুনৰ ক্ষমতালৈ অহাটো নিবিচাৰো। বিজেপি দল অসম আৰু দেশৰ স্বাৰ্থৰ বিৰোধী। ভোটদান কৰি এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ।

news18assam
Updated:April 23, 2019, 10:54 AM IST
বিজেপি পুনৰ শাসনলৈ অহাটো কিয় নিবিচাৰে ড০ হীৰেন গোহাঁয়ে?
মই বিজেপি পুনৰ ক্ষমতালৈ অহাটো নিবিচাৰো। বিজেপি দল অসম আৰু দেশৰ স্বাৰ্থৰ বিৰোধী। ভোটদান কৰি এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ।
news18assam
Updated: April 23, 2019, 10:54 AM IST
মই বিজেপি পুনৰ ক্ষমতালৈ অহাটো নিবিচাৰো। বিজেপি দল অসম আৰু দেশৰ স্বাৰ্থৰ বিৰোধী। ভোটদান কৰি এই মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা NRCৰ উদ্দেশ্যত ব্যাঘাত কৰা হৈছে বুলিও মন্তব্য গোহাঁইৰ।

NRC বন্ধ কৰাৰ বাবে বিজেপিয়ে প্ৰথমৰ পৰাই চেষ্টা কৰিছিল। তেওঁলোকে স্পষ্টকৈ কৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰথম, তাৰ পাছত NRC। বিজেপিয়ে কোনো নিয়ম-নীতি, আইন-কানুন নামানে। এইখন এখন চৈৰাচাৰী চৰকাৰ।

NOTA ভোট নিদিবলৈও ৰাইজক আহ্বান জনালে ড০ হীৰেন গোহাঁয়ে। NOTA ভোট দিয়া মানে পলাই যোৱা। নিৰ্দলীয় প্ৰাৰ্থীৰ কোনো কাম নাই, নিৰ্দলীয় প্ৰাৰ্থীয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত অকলে ল’ব নোৱাৰে বুলিও মন্তব্য ড০ গোহাঁইৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি