মই শ্বাৰ্জিল ইমামৰ বক্তব্য শুনা নাই, গতিকে মই দেশদ্ৰোহী বুলি কোৱা নাইঃ ড০ হীৰেন গোহাঁই

News18 Assam | News18-Assam
Updated:January 27, 2020, 12:30 PM IST
মই শ্বাৰ্জিল ইমামৰ বক্তব্য শুনা নাই, গতিকে মই দেশদ্ৰোহী বুলি কোৱা নাইঃ ড০ হীৰেন গোহাঁই
দেওবাৰে শ্বাৰ্জিল ইমামৰ পক্ষত মন্তব্য কৰি চৌদিশে সমালোচনাৰ সন্মুখীন হৈছিল ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই

দেওবাৰে শ্বাৰ্জিল ইমামৰ পক্ষত মন্তব্য কৰি চৌদিশে সমালোচনাৰ সন্মুখীন হৈছিল ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই

  • Share this:
ৰে’ল লাইন বিচ্ছিন্ন কৰি অসমক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়া বাওঁপন্থী যুৱনেতা শ্বাৰ্জিল ইমামক সৰ্বত্ৰ ধিক্কাৰ দিয়াৰ লগতে দেশদ্ৰোহী বুলি অভিহিত কৰিছে সকলোৱে। কিন্তু দেওবাৰে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইয়ে শ্বাৰ্জিল ইমামক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰাত চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। হীৰেন গোহাঁইয়ে কৈছিল যে, ‘শ্বাৰ্জিল ইমামে আৱেগত কৈছিল অসমক দেশৰ পৰা বিচ্ছিন্ন কৰাৰ কথা। গতিকে তেওঁক দেশদ্ৰোহী আখ্যা দিয়াতো হাস্যকৰ।’এই মন্তব্যৰ পিছতে বহুতে ড০ হীৰেন গোহাঁইক সমালোচনা কৰিছিল। কিন্তু এতিয়া এই সম্পৰ্কত নিজৰ মত ব্যক্ত কৰিছে গোহাইয়ে।

ড০ হীৰেন গোহাঁইয়ে কয় যে, ‘মই কেতিয়াও শ্বাৰ্জিল ইমাম নামৰ সেই ব্যক্তিজনক সমৰ্থন কৰি কথা কোৱা নাছিলো। মই কৈছিলো যে তেওঁ ভাবাৱেগত বা উত্তেজনাবশত কি কৈছিল সেয়া মোৰ বাবে বিচাৰ্য বিষয় নহয়। কিন্ত সেই বক্তব্য সমীচীন নহয় বুলিও কৈছিলো। তেওঁৰ বক্তব্য মই শুনা নাই সেয়ে তেওঁক দেশদ্ৰোহী বুলিও কোৱা নাছিলো। সমীচীন নহয় বুলি কোৱাৰ পিছত কেনেকৈ মই সমৰ্থন কৰাটো বুজায়। দেশদ্ৰোহ কি উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰি থৈছে।’
আৰু চাওক
পৰৱৰ্তী বাতৰি