• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma: ৭ দিনৰ ভিতৰত ৬ হাজাৰ নতুন আৰক্ষী পদৰ বিজ্ঞাপন, আৰক্ষী বিষয়াৰে মুখ্যমন্ত্ৰীৰ বৈঠকত ল'লে বহু সিদ্ধান্ত

Himanta Biswa Sarma: ৭ দিনৰ ভিতৰত ৬ হাজাৰ নতুন আৰক্ষী পদৰ বিজ্ঞাপন, আৰক্ষী বিষয়াৰে মুখ্যমন্ত্ৰীৰ বৈঠকত ল'লে বহু সিদ্ধান্ত

CM with assam police at review meeting: সমগ্ৰ অসমত নিষ্পত্তিহীন গোচৰ ৩১ মাৰ্চৰ ভিতৰত নিষ্পত্তি কৰাৰ নিৰ্দেশ

CM with assam police at review meeting: সমগ্ৰ অসমত নিষ্পত্তিহীন গোচৰ ৩১ মাৰ্চৰ ভিতৰত নিষ্পত্তি কৰাৰ নিৰ্দেশ

CM with assam police at review meeting: সমগ্ৰ অসমত নিষ্পত্তিহীন গোচৰ ৩১ মাৰ্চৰ ভিতৰত নিষ্পত্তি কৰাৰ নিৰ্দেশ

  • Share this:

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াৰে পৰ্যালোচনা বৈঠকত মিলিত হয়। মহনগৰীৰ উলু‍বাৰীস্থিত আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সঞ্চালকপ্ৰধান (DGP) ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত ৰাজ্যৰ শীর্ষ আৰক্ষী বিষয়াৰে মিলিত হয় (CM with assam police at review meeting)। আনহাতে ভিডিঅ' কনফাৰেন্সযোগে ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলেও এই বৈঠকত ভাগ লয়। এই বৈঠকত বহুকেইটা বিষয়ত আলোচনা কৰা হয়।


–প্ৰথমে মহানগৰীৰ আইন শৃংখলা বিষয়ত পৰ্যালোচনা কৰি ১৯৯২ চনত ৰুজু হোৱা নিষ্পত্তিহীন গোচৰ থকাটো প্ৰত্যক্ষ কৰা হয়। ইয়াৰ উপৰি ৪০ হাজাৰ নিস্পত্তিহীন গোচৰ আছে মহানগৰীত। ইয়াৰে ১৬ হাজাৰ গোচৰৰ কাগজ পত্ৰ চিনাক্ত কৰিব পৰা অৱস্থাত নাই। এই গোচৰসমূহ অৱসৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে নিষ্পত্তি কৰাৰ সিদ্ধান্ত লোৱা হয়।


–পঞ্জীয়ন হোৱা গোচৰৰ বিপৰীতে নিষ্পত্তি গোচৰৰ সংখ্যা অধিক কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। সমগ্ৰ অসমত নিষ্পত্তিহীন গোচৰ ৩১ মাৰ্চৰ ভিতৰত নিষ্পত্তি কৰাৰ নিৰ্দেশ দিয়ে।


–অহা ১০ মে' ভিতৰত ১২ৰ পৰা ১৩ হাজাৰ নিযুক্তি সম্ভৱ হ'ব আৰক্ষীত।


-অহা ৭ দিনৰ ভিতৰত ৬ হাজাৰ নতুন আৰক্ষী পদৰ বিজ্ঞাপন প্ৰকাশ পাব।


–মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন, স্বাস্থ্য প্ৰতিবেদন সময়মতে প্ৰস্তুত কৰা আৰম্ভ কৰিছে।


–পাছপ'ৰ্টৰ ভেৰিফিকেচন ৰিপোৰ্ট এমাহৰ ভিতৰত সম্পন্ন হ'ব লাগিব।


–উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা ললিতা কুমাৰী প্ৰতিবেদন অনুসৰি গোচৰ ৰুজু হ'ব।


–আৰক্ষীৰ এহাজাৰ আৱাস নিৰ্মাণৰ সিদ্ধান্ত।


–অহা তিনি মাহৰ ভিতৰত প্ৰায় ৬০০ নতুন SI কৰ্তব্যত নিযুক্তি হ'ব।


 -অসম আৰক্ষীত কৰ্তব্যৰত অৱস্থা মৃত্যু হোৱা ৭০গৰাকী আৰক্ষীৰ পৰিয়ালৰ সদস্যক অচিৰেই প্ৰদান কৰা হ'ব নিযুক্তি ৷


উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ( Dr Himanta Biswa Sharma)ই এই ঘোষণাৰ লগতে কয় যে  প্ৰায় ৫ হাজাৰ প্ৰতিবেদন গৃহত গৈ আৰক্ষীয়ে গৰাকীৰ হাতত দিছে। আৰু বহুত কাম কৰিব লগা আছে। আৰক্ষী প্ৰসংগত তেওঁ কয় যে অসম আৰক্ষী গংগাত নাথাকে, আৰক্ষীয়ে দুৰ্নীতি কৰিলত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আনহাতে অসমত আন্দোলন কৰিব পৰাকৈ মানুহ ৰাজপথত ওলাই নাহে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যোৱা ৬ মাহত মহানগৰ আৰক্ষীত আটাইতকৈ কম অপৰাধ হৈছে বুলি মত প্ৰকাশ কৰে।


Assam News Today | News in Assamese | Latest News in Assamese
Published by:Gautam Barman
First published: