• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma : প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ ড০ হিমন্ত বিশ্ব শর্মাৰ, ‘হেমকোষ’ অভিধানৰ ব্ৰেইলী সংস্কৰণ প্ৰদান

CM Himanta Biswa Sarma : প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ ড০ হিমন্ত বিশ্ব শর্মাৰ, ‘হেমকোষ’ অভিধানৰ ব্ৰেইলী সংস্কৰণ প্ৰদান

‘হেমকোষ’ অভিধানৰ প্ৰথমটো ব্ৰেইলী সংস্কৰণ ‘সাদিন-প্ৰতিদিন’ প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই প্ৰধানমন্ত্ৰীক উপহাৰ দিয়ে

  • Share this:
বুধবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰি অসমৰ উন্নয়নমূলক পদক্ষেপ সন্দর্ভত অৱগত কৰে৷ প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত হোৱা বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্যত গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ বিষয়ে তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰিছে। ইয়াৰ লগতে কলিয়াবৰ আৰু জামুগুৰিৰ মাজৰ ব্ৰহ্মপুত্ৰৰ তলৰ সুৰংগটোৰ অৱস্থাৰ বিষয়েও তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰে।

মুখ্যমন্ত্ৰীয়ে ২৪ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সামৰণী অনুষ্ঠানলৈ পুনৰবাৰ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনায়।

ইয়াৰ পূৰ্বে ‘হেমকোষ’ অভিধানৰ প্ৰথমটো ব্ৰেইলী সংস্কৰণ ‘সাদিন-প্ৰতিদিন’ প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই প্ৰধানমন্ত্ৰীক উপহাৰ দিয়ে, এই পৰ্বত মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল।
Published by:Gautam Barman
First published: