உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এতিয়াও সন্ধান নাই ৰহাৰ ৰণথলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ গজেন চন্দ্ৰ নাথৰ, পত্নীক পাশৱিক নিৰ্যাতন চলাই পলায়ন কৰা চিকিৎসকজনৰ আৱাসত তলা

    এতিয়াও সন্ধান নাই ৰহাৰ ৰণথলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ গজেন চন্দ্ৰ নাথৰ, পত্নীক পাশৱিক নিৰ্যাতন চলাই পলায়ন কৰা চিকিৎসকজনৰ আৱাসত তলা

    এই ঘটনা পোহৰলৈ অহাৰ পাছতে চিকিৎসকগৰাকীয়ে নিজৰ কৰ্মস্থলীৰ পৰা পলায়ন কৰিছে।

    এই ঘটনা পোহৰলৈ অহাৰ পাছতে চিকিৎসকগৰাকীয়ে নিজৰ কৰ্মস্থলীৰ পৰা পলায়ন কৰিছে।

    এই ঘটনা পোহৰলৈ অহাৰ পাছতে চিকিৎসকগৰাকীয়ে নিজৰ কৰ্মস্থলীৰ পৰা পলায়ন কৰিছে।

    • Share this:
    নগাওঁ জিলাৰ ৰহাৰ ৰণথলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক গজেন চন্দ্ৰ নাথে পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ সমস্ত ঘটনা পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ নগাঁও তথা ৰহা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে  ডাঃ গজেন চন্দ্ৰ নাথৰ পত্নীৰ মাতৃয়ে চিকিৎসকগৰাকীৰ বিৰুদ্ধে গুৱাহাটীত এজাহাৰৰ দাখিল কৰিছে ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে চিকিৎসকগৰাকীয়ে নিজৰ কৰ্মস্থলীৰ পৰা পলায়ন কৰিছে।

    চিকিৎসকগৰাকীৰ সম্পৰ্কত ৰণথলী প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ স্বাস্থ্যকৰ্মীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে ডাঃ নাথ আগবেলা চিকিৎসালয়খনত উপস্থিত আছিল, কিন্তু চিকিৎসালয়ৰ পৰা যোৱাৰ পিছৰে পৰা তেওঁক দেখা নাই। ইফালে  চিৎসালয়খনৰ ভিতৰতে থকা ডাঃ নাথৰ আৱাসিক গৃহটোত ওলমি আছে তলা।

    চিকিৎসক গজেন চন্দ্ৰ নাথ সন্দৰ্ভত নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ  চিকিৎসালয়খনত উপস্থিত নথকা সন্দৰ্ভত বৰ্তমানলৈকে কোনো লিখিত আবেদন দিয়া নাই৷ লগতে যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে কয় যে তেওঁ সম্পৰ্কত প্ৰকাশ হোৱা খবৰবোৰ আমি জানিব পাৰিছো। এই সন্দৰ্ভত তদন্ত সমিতিৰ দ্বাৰা অনুসন্ধান কৰা হ’ব‌ বুলিও যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে।
    Published by:Sanjay Kumar Das
    First published: