শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে 'ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২' অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট লেখক, অনুবাদক ড° দিগন্ত বিশ্ব শৰ্মাক প্ৰদান কৰা হয় 'ড° ময়িদুল ইছলাম বড়া সাহিত্য বঁটা ২০২২'।
অৰুণোদয় শাখা সাহিত্য সভা আৰু ড° ময়িদুল ইছলাম বড়া স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ড° দিগন্ত বিশ্ব শৰ্মাক এই বঁটা অৰ্পণ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। বঁটাত আছে নগদ ১০ হেজাৰ টকা, এটা স্মাৰক, ফুলাম গামোচা, ফুলাম জাপি আৰু সম্বৰ্ধনা পত্ৰ। "ভগৱানৰ প্ৰসাদ হিচাপেহে এই সন্মান গ্ৰহণ কৰা" বুলি অনুভৱ ব্যক্ত কৰে ড° দিগন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত বঁটা প্ৰদান কৰি সাংসদ কামাখ্যা প্ৰসাদ তাছাই ড° ময়িদুল ইছলাম বড়া এগৰাকী অসাধাৰণ ব্যক্তিত্বৰ গৰাকী আছিল বুলি উল্লেখ কৰে। লগতে ছাত্ৰ-ছাত্ৰীসকলক ড° ময়িদুল ইছলাম বড়াৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান জনায়। ইংৰাজী মাধ্যমৰ সন্দৰ্ভতো বক্তব্য আগবঢ়াই তাছাই। সাংসদ তাছাই ভাষণ প্ৰসংগত কয় যে "প্ৰাথমিক বিদ্যালয়ৰ পৰাই শিশুক ইংৰাজী ভাষা শিকোৱাটো দৰকাৰ। ইংৰাজী মাধ্যমটোৰো অতি দৰকাৰ আছে। যিসকলে আন্দোলন কৰিছে তেওঁলোকক বুজাই দিছে মূখ্যমন্ত্ৰীয়ে। ইংৰাজী মাধ্যমত পঢ়িলেই অসমীয়া ভাষা বিলুপ্তি হৈ যাব বুলি ভবাটো ভুল। ইংৰাজী মাধ্যমত এতিয়াও অসমৰ লাখ লাখ মানুহে পঢ়া শুনা কৰি আছে"। অনুষ্ঠানত ৰাজহ মন্ত্ৰী যোগেন মহনে "ইংৰাজী ভাষা শিকিলে অসমীয়া ভাষাৰ ক্ষতি হ'ব বুলি কৰা ধাৰণা শুদ্ধ নহয়" বুলি উল্লেখ কৰে। "আইনৰ ধাৰা সন্দৰ্ভত পঢ়ি বুজিবলৈয়ো ইংৰাজী ভাষাৰ জ্ঞান লাগে" বুলি মন্তব্য যোগেন মহনৰ। শিশু অৱস্থাতে ইংৰাজী নিশিকিলে ডাঙৰ হ'লে মনত ৰাখিবলৈ অসুবিধা। ভাষণ প্ৰসংগত ক'লে মন্ত্ৰী যোগেন মহনে।
বিশিষ্ট কবি প্ৰেম গগৈয়ে সভাপতিত্ব কৰা তথা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত, জিলা জনসংযোগ বিষয়া জয়ন্ত মাউতকে ধৰি কেইবাগৰাকী গণ্য মান্য ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত ড° ময়িদুল ইছলাম বড়া লণ্ডনৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী অসমীয়া আৰু প্ৰথম গৰাকী অসমীয়া উপাচাৰ্য।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|