உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Dr. Dibyajyoti Mahanta: শিশু শিক্ষা সমিতি অসমৰ নতুন সভাপতি বিশিষ্ট শিক্ষাবিদ ড৹ দিব্যজ্যোতি মহন্ত

    Dr. Dibyajyoti Mahanta: শিশু শিক্ষা সমিতি অসমৰ নতুন সভাপতি বিশিষ্ট শিক্ষাবিদ ড৹ দিব্যজ্যোতি মহন্ত

    ড৹ দিব্যজ্যোতি মহন্ত নগাঁও কন্যা মহাবিদ্যালয়ৰ গণিত (Mathematics)শাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক ৰূপেও নিয়োজিত আছিল।

    ড৹ দিব্যজ্যোতি মহন্ত নগাঁও কন্যা মহাবিদ্যালয়ৰ গণিত (Mathematics)শাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক ৰূপেও নিয়োজিত আছিল।

    ড৹ দিব্যজ্যোতি মহন্ত নগাঁও কন্যা মহাবিদ্যালয়ৰ গণিত (Mathematics)শাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক ৰূপেও নিয়োজিত আছিল।

    • Share this:

    অসমৰ শিক্ষা জগতৰ এক শক্তিশালী সংগঠন শিশু শিক্ষা সমিতি অসমৰ নতুন সভাপতি ৰূপে বিশিষ্ট শিক্ষাবিদ ড৹ দিব্যজ্যোতি মহন্ত (Dr. Dibyajyoti Mahanta) মনোনীত হৈছে। অসম চৰকাৰৰ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ডীন ৰূপে কৰ্মৰত ড৹ মহন্তক শিশু শিক্ষা সমিতি অসমৰ বাৰ্ষিক সাধাৰণ সভাত এই পদৰ বাবে ঘোষণা কৰা হয়।


    কামৰূপ মহানগৰ (Kamrup Metro) জিলাৰ চন্দ্ৰপুৰৰ হাজংবড়িস্থিত বিদ্যাভাৰতীৰ বহুমুখী শৈক্ষিক প্ৰকল্পত ২৮ নৱেম্বৰত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত শিশু শিক্ষা সমিতি অসম (Shishu Shiksha Samiti, Assam)ৰ বৰ্তমানৰ সভাপতি ড৹ নিৰ্মল বৰুৱা আৰু বিদ্যা ভাৰতীৰ বহুকেইজন অধিকাৰী উপস্থিত আছিল।


    শিশু শিক্ষা সমিতি অসমৰ বিগত বৰ্ষৰ প্ৰতিবেদন পাঠ কৰে বিশিষ্ট শিক্ষাবিদ তথা সমিতিৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে। এই সাধৰণ সভাতে বহুকেইগৰাকী শিক্ষাবিদে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কাৰ্যপ্ৰণালী ৰূপায়ণৰ বিষয়ে আলোকপাত কৰে।


    উল্লিখিত যে নগাঁও (Nagaon) জিলাৰ সংস্কৃতিৱান পৰিয়ালত জন্ম লাভ কৰি এক কলা-সংস্কৃতি আৰু শৈক্ষিক ক্ষেত্ৰৰ আগৰণুৱা সৈনিকৰূপে জীৱন আৰম্ভ কৰা বিশিষ্ট শিক্ষাবিদ ড৹ দিব্যজ্যোতি মহন্ত নগাঁও কন্যা মহাবিদ্যালয়ৰ গণিত (Mathematics)শাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক ৰূপেও নিয়োজিত আছিল। বৰ্তমান ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমিৰ সৈতেও জড়িত হৈ আছে।


    ড৹ দিব্যজ্যোতি মহন্ত শিশু শিক্ষা সমিতি অসমৰ আগন্তুক তিনি বছৰৰ বাবে সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিব । শিশু শিক্ষা সমিতি অসমৰ এই ঘোষণাক অসমৰ শৈক্ষিক সমাজে আদৰণি জনাইছে।

    Published by:Gautam Barman
    First published: