• Home
  • »
  • News
  • »
  • assam
  • »
  • চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ড গোচৰৰ দোষীৰ শাস্তি ঘোষণা, এজনক ফাঁচি, ২৪জনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ

চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ড গোচৰৰ দোষীৰ শাস্তি ঘোষণা, এজনক ফাঁচি, ২৪জনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ

২০১৯ চনৰ ৩১ আগষ্টত সংঘটিত এই ঘটনাৰ ২২ দিনৰ পিছতে যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে ৩২জন অভিযুক্তৰ বিৰুদ্ধে ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল।

২০১৯ চনৰ ৩১ আগষ্টত সংঘটিত এই ঘটনাৰ ২২ দিনৰ পিছতে যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে ৩২জন অভিযুক্তৰ বিৰুদ্ধে ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল।

২০১৯ চনৰ ৩১ আগষ্টত সংঘটিত এই ঘটনাৰ ২২ দিনৰ পিছতে যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে ৩২জন অভিযুক্তৰ বিৰুদ্ধে ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল।

  • Share this:
দেশ কঁপোৱা টীয়কৰ চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড গোচৰৰ অভিযুক্তসকলৰ শাস্তি ঘোষণা আদালতৰ। যোৰহাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে ২৫জন অভিযুক্তৰ শাস্তি ঘোষণা কৰে।

২৫জন অভিযুক্তৰ ভিতৰত সঞ্জয় ৰাজোৱাৰক ফাঁচি আৰু বাকী ২৪জন অভিযুক্তক যাৱজ্জীৱন কাৰাদাণ্ডৰে দণ্ডিত কৰে আদালতে। ১২ অক্টোবৰত এই ঘটনাত ২৫জনক দোষী সাব্যস্ত কৰিছিল আদালতে। ৩১ গৰাকী জীৱিত অভিযুক্তৰ ২৫জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল যোৰহাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে। ৬জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল। হৰি মাঝি নামৰ অভিযুক্তগৰাকীৰ কিছুদিন পূৰ্বে জে’লৰ ভিতৰতে মৃত্যু হৈছিল।

২০১৯ চনৰ ৩১ আগষ্টত সংঘটিত এই ঘটনাৰ ২২ দিনৰ পিছতে যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে ৩২জন অভিযুক্তৰ বিৰুদ্ধে ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল। আৰক্ষীয়ে ৬০জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল। এই গোচৰৰ চৰকাৰী পক্ষৰ অধিবক্তা আছিল দূৰ্গাপ্ৰসাদ জয়ছোৱাল। এই গোচৰৰ অভিযুক্তসকলৰ অধিবক্তাই আদালতত ৮০২ পৃষ্ঠাৰ লিখিত যুক্তি আগবঢ়াইছিল। চৰকাৰী পক্ষৰ অধিবক্তাই ৯৪ পৃষ্ঠাৰ লিখিত যুক্তি আগবঢ়াইছিল।

এই গোচৰত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল witness protection scheme। ইয়াৰ জৰিয়তে আদালতত সাক্ষ্য প্ৰদান কৰা লোকসকলৰ পৰিচয় গোপনে ৰখা হৈছিল। যাতে ভৱিষ্যতে কোনেও সাক্ষীসকলক প্ৰভাৱিত কৰিব নোৱাৰে। আনহাতে এই জঘন্য ঘটনাৰ তদন্ত অতি কম দিনৰ ভিতৰতে সম্পূৰ্ণ কৰা হৈছিল।

আৰক্ষীয়ে মাত্ৰ ২২ দিনৰ ভিতৰতে আদালতত এই ঘটনাৰ ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল। আনহাতে অভিযুক্তসকলৰ বিৰুদ্ধে সম্ভৱপৰ সকলোধৰণৰ তথ্য সংগ্ৰহ কৰিছিল আৰক্ষীয়ে। ফৰেনছিক পৰীক্ষাত বহু গুৰুত্ব প্ৰদান কৰিছিল তদন্তকাৰী দলটোৱে।
Published by:Sanjay Kumar Das
First published: