உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘প্ৰান্তিক’ত ডাঃ বিকাশ বৰুৱাৰ লেখনীকলৈ বিতৰ্ক! চাহ সম্প্ৰদায়ৰ লোকক ‘কুমজেলেকুৱা’তকৈও অধম আখ্যাৰে তাচ্ছিল্য

    ‘প্ৰান্তিক’ত ডাঃ বিকাশ বৰুৱাৰ লেখনীকলৈ বিতৰ্ক! চাহ সম্প্ৰদায়ৰ লোকক ‘কুমজেলেকুৱা’তকৈও অধম আখ্যাৰে তাচ্ছিল্য

    Source-Google

    Source-Google

    ডাঃ বিকাশ বৰুৱাই ‘প্ৰান্তিক’ আলোচনীত যোৱা ১ অক্টোবৰ তাৰিখে চাহ সম্প্ৰদায়ৰ লোকসকলৰ সন্দৰ্ভত লিখিছিল এটা বিশেষ লেখনী

    • Share this:
      ডাঃ বিকাশ বৰুৱাই ‘প্ৰান্তিক’ আলোচনীত যোৱা ১ অক্টোবৰ তাৰিখে চাহ সম্প্ৰদায়ৰ লোকসকলৰ সন্দৰ্ভত লিখিছিল এটা বিশেষ লেখনী। লেখনীটোত ডাঃ বৰুৱাই, কেইদিনমান পূৰ্বে যোৰহাটৰ এখন বাগানত ডাঃ দেৱেন দত্তক উন্মাদ লোকে হত্যা কৰা প্ৰসংগ টানি আনি সমগ্ৰ সম্প্ৰদায়টোকে তাচ্ছিল্য কৰে। চাহ বাগানত সংঘটিত হোৱা বিভিন্ন অমানবীয় কাণ্ডৰ উদ্ধৃতি দি ডাঃ বিকাশ বৰুৱাই চাহ সম্প্ৰদায়ৰ লোকক ‘কুমজেলেকুৱা’তকৈও অধম আখ্যা দিয়ে।

      প্ৰৱন্ধটো


      লেখনীটো প্ৰকাশ পোৱাৰ পিছতে এতিয়া ছচিয়েল মিডিয়াত সৃষ্টি হৈছে ধুমুহাৰ। বিভিন্নজনে ডাঃ বৰুৱাৰ এই লেখনীটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিশিষ্ট কবি কমল কুমাৰ তাঁতীয়েও বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে, চাহ সম্প্ৰদায়ৰ বিৰুদ্ধে মানুহে পূৰ্বৰে পৰা মনত পুহি ৰখা ধাৰণাৰ বহিঃ প্ৰকাশ বুলি উল্লেখ কৰিছে।

       

      First published: