আজি দেশৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ’ব সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হ’ব এই সন্মান। সমাজকৰ্মী নানাজী দেশমুখকো মৰণোত্তৰভাৱে আগবঢ়োৱা হ’ব ভাৰতৰত্ন। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীলৈও আগবঢ়োৱা হ’ব এই সন্মান। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আগবঢ়াব এই সন্মান।
চলিত বৰ্ষৰ আৰম্ভণিতে এই তিনিওগৰাকী ব্যক্তিক ভাৰতৰত্ন প্ৰদানৰ ঘোষণা কৰা হৈছিল। সংগীত, চলচ্চিত্ৰ আৰু কলা ক্ষেত্ৰত অতুলনীয় অৱদানৰ বাবে ড০ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হৈছে ভাৰতৰত্ন সন্মান। সুধাকণ্ঠই লাভ কৰিছিল দাদা ছাহেব ফাল্কে আৰু পদ্ম পুৰস্কাৰো।
আনহাতে, ভাৰতীয় ৰাজনীতিত প্ৰণৱ মুখাৰ্জীয়ে খেলিছে এক দীঘলীয়া ইনিংছ। কলকাতাৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল কাৰ্যালয়ত ক্লাৰ্ক হিচাপে কাম কৰিছিল মুখাৰ্জীয়ে। নিজৰ পৰিশ্ৰম আৰু বুদ্ধিমত্তাৰ বলত মুখাৰ্জীয়ে ৰাজনীতিলৈ অহাই নহয়, ৰাজনৈতিক ক্ষেত্ৰত কৰা ভাল কামৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।
সমাজকৰ্মী নানাজী দেশমুখকো মৰণোত্তৰভাৱে প্ৰদান কৰা হ’ব ভাৰতৰত্ন। নানাজী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আছিল আৰু বিভিন্ন সামাজিক কাম–কাজৰ সৈতে জড়িত হৈ পৰিছিল। ১৯৭৭ চনত জনতা পাৰ্টীৰ চৰকাৰত যেতিয়া মোৰাৰজী দেশাই প্ৰধানমন্ত্ৰী হৈছিল, তেতিয়া নানাজী দেশমুখক উদ্যোগ মন্ত্ৰীৰ পদ দিয়া হৈছিল। কিন্তু নানাজী দেশমুখে এই প্ৰস্তাৱ বিনম্ৰতাৰে নাকচ কৰিছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 08, 2019, 08:20 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।