অনবৰতে জুবিন গাৰ্গৰ মুখত ললিপপ! ড০ বেজবৰুৱা ২ত ব্যতিক্ৰমী ৰূপত জুবিন গাৰ্গ

জুবিন আৰু ললিপপ৷ শুনিবলৈ আচহুৱা যেন লাগিলেও শিশুসুলভ মনৰ অধিকাৰী জুবিনৰ মুখত এতিয়া আপুনি অনবৰতে দেখিবলৈ পাব ললিপপ৷ পিছে কিয়?
জুবিন আৰু ললিপপ৷ শুনিবলৈ আচহুৱা যেন লাগিলেও শিশুসুলভ মনৰ অধিকাৰী জুবিনৰ মুখত এতিয়া আপুনি অনবৰতে দেখিবলৈ পাব ললিপপ৷ পিছে কিয়?
- News18 Assam
- Last Updated: November 7, 2020, 6:43 PM IST
কোৰোণা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পিছত আকৌ আৰম্ভ হৈছে ছবিৰ শ্বুটিং। তেজপুৰত এতিয়া জোৰদাৰ গতিত চলিছে নিপন গোস্বামী পৰিচালিত ড০ বেজবৰুৱা চেপ্টাৰ ২ ছবিৰ শ্বুটিং। বিখ্যাত অসমীয়া থ্ৰীলাৰ ছবি ড০ বেজবৰুৱাৰ চিকুৱলে ছবিখনৰ চিত্ৰনাট্য লিখিছে ৰাজদ্বীপে। এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে।

ড° বেজবৰুৱা” ৰি-মেকত “মহাদেৱ” নামৰ এজন আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে ৷ নিৰ্মীয়মান ছবিখনত সংগীতৰ কামো কৰিছে জুবিনে। আৰক্ষী পোছাকৰ পৰিৱৰ্তে সাধাৰণ পোছাকত থাকি ‘Special Police Officer’ ৰূপে ছবিখনত দেখা যাব জুবিন গাৰ্গক। য'ত আৰক্ষী বিষয়াৰূপী জুবিনক অনবৰতে ললিপপ খাই থকা দেখিবলৈ পাব দৰ্শকে৷