ৰাজ্যৰ ৩৫ হাজাৰ ৮০০ গৰাকী ছাত্ৰ– ছাত্ৰীক আজি চৰকাৰে প্ৰদান কৰিব ড০ বাণীকান্ত কাকতি মেধা বঁটা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰক স্কুটাৰ আৰু ছাত্ৰীক দিয়া হ’ব স্কুটী।
৩৫,৮০০ গৰাকী ছাত্ৰ–ছাত্ৰীয়ে লাভ কৰিব এই বঁটা। ৬০ শতাংশ নম্বৰ লাভ কৰা ২৯,৭৪৮ গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হ’ব স্কুটী আৰু ৭৫শতাংশ নম্বৰ লাভ কৰা ৬,০৫২জন ছাত্ৰই লাভ কৰিব স্কুটী।
খানাপাৰা পশু চিকিত্সা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব বঁটা প্ৰদান অনুষ্ঠান। দিনৰ ২ বজাত আৰম্ভ হ’ব অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|