ঠিক যেন ঋত্বিক ৰোশন! পিপিই কিট পিন্ধি চিকিৎসকৰ আকৰ্ষণীয় নৃত্য, ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’!

News18 Assam | News18-Assam
Updated:October 19, 2020, 6:45 PM IST
ঠিক যেন ঋত্বিক ৰোশন! পিপিই কিট পিন্ধি চিকিৎসকৰ আকৰ্ষণীয় নৃত্য, ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’!
নিখুট ষ্টেপ, অসাধাৰণ ফিটনেছ। যেন ঋত্বিক ৰোশনে পিপিই কিট পিন্ধি নাচিছে।

নিখুট ষ্টেপ, অসাধাৰণ ফিটনেছ। যেন ঋত্বিক ৰোশনে পিপিই কিট পিন্ধি নাচিছে।

  • Share this:
পূজা আহিছে। সকলোৱে পূজাত কি কৰিব তাৰ পৰিকল্পনা কৰিছে। কোৰোণাৰ ভয় যেন নোহোৱা হৈ গৈছে। যদিও চৰকাৰে পূজাক লৈ নীতি–নিয়ম বান্ধি দিছে তথাপি পূজাৰ বাবে সাজু সাধাৰণ জনতা! কিন্তু কোভিড যোদ্ধাসকলৰ কথা ভাৱকচোন। পৰিয়াল, বন্ধু–বান্ধৱ সকলোৰে পৰা দূৰৈত থাকি পূজাতো মানৱ সেৱাত ব্ৰতী থাকিব লাগিব তেওঁলোক।

চিকিৎসক বা হাস্পতালৰ আন কৰ্মীসকলৰো এতিয়া একেই অৱস্থা। পুৱাৰে পৰা নিশালৈ মাস্ক, পিপিই কিট, গ্ল’ভছ পিন্ধি ৰোগীৰ চিকিৎসাত নিয়োজিত থাকে তেওঁলোক। নিজৰ বাবে অকণমান সময়ো উলিয়াব নোৱাৰে তেওঁলোকে। কিন্তু ইয়াৰ মাজতে একাংশই নিজকে আৰু ৰোগীসকলক আনন্দত ৰখাৰ চেষ্টা চলাইছে। তেনে এক ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিঅ’ত দেখা গৈছে পিপিই কিট পিন্ধি নৃত্য কৰিছে এজন চিকিৎসকে।

যেন ঋত্বিক ৰোশন! নিখুট ষ্টেপ, অসাধাৰণ ফিটনেছ। যেন ঋত্বিক ৰোশনে পিপিই কিট পিন্ধি নাচিছে। কিন্তু লোকজন আচলতে শিলচৰ মেডিকেল কলেজৰ চিকিৎসক ডাঃ অৰূপ সেনাপতি। ই এন টি ছাৰ্জন তেওঁ। কোভিড ৰোগীসকলৰ মন ভাল লগাবলৈ তেওঁলোকৰ সন্মুখত এইদৰে নাচিছে ডাঃ সেনাপতিয়ে।


এই ভিডিঅ’ প্ৰত্যক্ষ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউদৰ অভিনেতা ঋত্বিক ৰোশনেও। টুইটাৰযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঋত্বিক ৰোশনে লিখিছে – ডাঃ অৰূপৰ পৰা মই তেওঁৰ ষ্টেপ আৰু নৃত্য শিকিব বিচাৰো।
Published by: Sanjay Kumar Das
First published: October 19, 2020, 4:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading