• Home
  • »
  • News
  • »
  • assam
  • »
  • গ্ৰেপ্তাৰৰ ভয়ত আছিল পলাই! অৱশেষত আত্মসমৰ্পণ ৰে’লৱেত চাকৰি দিম বুলি টকা খোৱা চিকিৎসক ডাঃ অজন্তা হাজৰিকাৰ

গ্ৰেপ্তাৰৰ ভয়ত আছিল পলাই! অৱশেষত আত্মসমৰ্পণ ৰে’লৱেত চাকৰি দিম বুলি টকা খোৱা চিকিৎসক ডাঃ অজন্তা হাজৰিকাৰ

৭ ডিচেম্বৰত ডিব্ৰুগড়ৰ থানাত অমল নাথ নামৰ ভুক্তভােগী লােকজনে ৰুজু কৰিছিল গােচৰ।

৭ ডিচেম্বৰত ডিব্ৰুগড়ৰ থানাত অমল নাথ নামৰ ভুক্তভােগী লােকজনে ৰুজু কৰিছিল গােচৰ।

৭ ডিচেম্বৰত ডিব্ৰুগড়ৰ থানাত অমল নাথ নামৰ ভুক্তভােগী লােকজনে ৰুজু কৰিছিল গােচৰ।

  • Share this:
ৰে’লৱেত চাকৰি দিয়াৰ নামত বহু লক্ষাধিক টকা সংগ্রহ কৰি গ্রেপ্তাৰৰ ভয়ত যােৱা ৭ ডিচেম্বৰৰ পৰা পলাই ফুৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজন্তা হাজৰিকাই আজি ডিব্রুগড় সত্র ন্যায়াধীশ আদালতত আত্মসমর্পণ কৰে।
আদালতে ডাঃ অজন্তা হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

যােৱা ৭ ডিচেম্বৰত ডিব্ৰুগড়ৰ থানাত অমল নাথ নামৰ ভুক্তভােগী লােকজনে ৰুজু কৰিছিল গােচৰ। থানাত ৰুজু হােৱা ২১৫০/২০ নম্বৰৰ গােচৰৰ ভিত্তিত চিকিৎসক গৰাকীক বিচাৰি চলাথ কৰিছিল যদিও গ্রেপ্তাৰ কৰিবলৈ সক্ষম হােৱা নাছিল। ইপিনে ডাঃ অজন্তা হাজৰিকাৰ অগ্রিম জামিন আবেদন আদালতে নাকচ কৰাৰ পিছত সকলাে পথ ৰুদ্ধ হৈ পৰে আৰু আজি উপায়হীন হৈ আদালতত আত্মসমর্পণ কৰে।

উল্লেখযােগ্য যে ডাঃ অজন্তা হাজৰিকাই ৰে’লৱেত চাকৰি দিয়াৰ নামত গুৱাহাটীৰ ৰাজীৱ পৰাশৰ নামৰ এজনৰ লগত হৈ লাখ লাখ টকা সংগ্রহ কৰাৰ অভিযােগ উত্থাপন হৈছিল।
ইতিমধ্যে ডাঃ অজন্তা হাজৰিকাৰ স্বামী শ্রীমন্ত জ্যোতি শইকীয়াকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰি ৰঙাঘৰলৈ প্রেৰণ কৰিছে।
Published by:Sanjay Kumar Das
First published: