সান্ধ্য আইনৰ মাজতে নিশা হস্তনিৰ্মিত বন্দুক লৈ ৰঙাপৰাত তিনি সন্দেহজনক অপৰাধী

News18 Assam | News18-Assam
Updated:May 8, 2021, 9:01 PM IST
সান্ধ্য আইনৰ মাজতে নিশা হস্তনিৰ্মিত বন্দুক লৈ ৰঙাপৰাত তিনি সন্দেহজনক অপৰাধী
দুটা টৰ্চ লাইট, এটা হস্তনিৰ্মিত বন্দুক, তিনিখন খুকুৰি আৰু ১৭ টাকৈ গুলী লৈ কিয় ঘূৰি ফুৰিছিল ৰাস্তাত?

দুটা টৰ্চ লাইট, এটা হস্তনিৰ্মিত বন্দুক, তিনিখন খুকুৰি আৰু ১৭ টাকৈ গুলী লৈ কিয় ঘূৰি ফুৰিছিল ৰাস্তাত?

  • Share this:

দেশত কোৰোণাৰ আতংক। ৰাজ্য চৰকাৰেও দিছে নৈশ সান্ধ্য আইন। কিন্তু এনে পৰিস্থিতিৰ মাজতো ৰঙাপৰাত হাতত অস্ত্ৰ লৈ ঘূৰি ফুৰা তিনি অপৰাধীক  শুক্ৰবাৰে নিশা  আটক কৰে ৰঙাপৰা আৰক্ষীয়ে।


আটকাধীন ব্যক্তিকেইজনৰ হাতৰ পৰা আৰক্ষীয়ে দুটা টৰ্চ লাইট, এটা হস্তনিৰ্মিত বন্দুক, তিনিখন খুকুৰি আৰু ১৭ টাকৈ গুলী জব্দ কৰিবলৈ সক্ষম হয়। ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাৰ অঞ্চলত সান্ধ্য আইনৰ মাজতে নিশা ঘূৰি ফুৰি  থকা দেখি একাংশ স্থানীয় ৰাইজে ৰঙাপৰা আৰক্ষীক অৱগত কৰাত লগে লগে ৰঙাপৰা আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ তিনিজনক আটক কৰি থানাৰ লৈ আহে।


লোককেইগৰাকী ৰঙাপৰাৰ ৰৌনাথপুৰৰ পাউলুছ মুণ্ডা, বিতেন নাগ আৰু বিনোদ হেমৰেম। সান্ধ্য আইনত নিশাৰ ভাগত চাহ বাগিচা অঞ্চলত উক্ত লোককেইজনে হস্তনিৰ্মিত বন্দুক আৰু চোকা অস্ত্ৰ লৈ কি কাৰণত ঘূৰি ফুৰিছিল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোবা নাই যদিও ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত  অব্যাহত ৰাখিছে ।



উল্লেখ্য যে যোৱা ৪ মাৰ্চত ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ এগৰাকী সহঃ পৰিচালকক নিশাৰ ভাগত কোনো দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। বাগিচাখনৰ সহঃ পৰিচালকজনৰ আক্ৰমণৰ  ঘটনাৰ সৈতে আটক কৰা লোককেইজন জড়িত থকা বুলি প্ৰাথমিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে ৰঙাপৰাৰ আৰক্ষীয়ে।

Published by: Gautam Barman
First published: May 8, 2021, 9:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি