চলন্ত ৰে’লত যুৱতীক হত্যা : অভিযুক্ত বিকাশ দাসক দোষী সাব্যস্ত, বিপিন পাণ্ডেক মুক্তি

শাস্তিৰ ক্ষেত্ৰত চূড়ান্ত শুনানি অহা ৩০ ছেপ্টেম্বৰত আদালতে ঘোষণা কৰিব।

News18-Assam
Updated:September 27, 2019, 4:09 PM IST
চলন্ত ৰে’লত যুৱতীক হত্যা : অভিযুক্ত বিকাশ দাসক দোষী সাব্যস্ত, বিপিন পাণ্ডেক মুক্তি
শাস্তিৰ ক্ষেত্ৰত চূড়ান্ত শুনানি অহা ৩০ ছেপ্টেম্বৰত আদালতে ঘোষণা কৰিব।
News18-Assam
Updated: September 27, 2019, 4:09 PM IST
শিৱসাগৰ আৰু শিমলুগুৰিৰ মাজত চলন্ত ৰে’লত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ আজি শিৱসাগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত সম্পন্ন হয় চূড়ান্ত বিচাৰ প্ৰক্ৰিয়া। ২০১৮ বৰ্ষৰ ১০ জুলাইত তিনিচুকীয়া-ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰে’লত সংঘটিত হৈছিল ৰাজ্য কঁপোৱা এই জঘন্য হত্যাকাণ্ড।

শিমলুগুৰি ৰে’লৱে আৰক্ষীয়ে ৰুজু কৰিছিল ৬/১৮ নম্বৰত হত্যাকাণ্ডৰ গোচৰ। গোচৰীয়া আৰু পদকীয়া পক্ষৰ অধিবক্তাৰ যুক্তি তৰ্কৰ অন্তত অভিযুক্ত বিপিন পাণ্ডেক গোচৰৰ পৰা মুক্তি দিয়া হয় আৰু বিকাশ দাসক দোষী সাব্যস্ত কৰা হয়। শাস্তিৰ ক্ষেত্ৰত চূড়ান্ত শুনানি অহা ৩০ ছেপ্টেম্বৰত আদালতে ঘোষণা কৰিব।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি