ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি, ধুবুৰীত হানি–খুচি হত্যা দুজনক

ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত কাজিয়াত একে পৰিয়ালৰ দুজনক হানি–খুচি হত্যা। মৃত দুজনৰ নাম মন্তাজ আলী আৰু তেওঁৰ ভাই বোৱাৰী জেচমিনা বেগম।
ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত কাজিয়াত একে পৰিয়ালৰ দুজনক হানি–খুচি হত্যা। মৃত দুজনৰ নাম মন্তাজ আলী আৰু তেওঁৰ ভাই বোৱাৰী জেচমিনা বেগম।
- News18 Assam
- Last Updated: December 27, 2020, 12:47 PM IST
ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত কাজিয়াত একে পৰিয়ালৰ দুজনক হানি–খুচি হত্যা। মৃত দুজনৰ নাম মন্তাজ আলী আৰু তেওঁৰ ভাই বোৱাৰী জেচমিনা বেগম।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই হত্যাকাণ্ডৰ মূল অভিযুক্ত বাবুল আৰু মণ্টুৱে পলায়ন কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। স্থানীয় ৰাইজৰ মতে, পুৱাই চিঞৰ–বাখৰ শুনি তেওঁলোকে আহি পৰিয়াল দুটাৰ মাজত প্ৰচণ্ড মাৰপিট দেখা পায় আৰু লগে লগে তেজেৰে লুতুৰি–পুতুৰি হৈ থকা দুজনক ধুবুৰী সদৰ চিকিৎসালয় লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বে মন্তাজড আলী আৰু জেচমিনা বেগমৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে।