কামৰূপৰ বংশৰ-কুলহাটী পথত নৃশংস হত্যাকাণ্ড, ১২ বছৰীয়া কিশোৰসহ এজন যুৱকক ঘপিয়াই হত্যা

News18 Assam | News18-Assam
Updated:September 27, 2020, 3:08 PM IST
কামৰূপৰ বংশৰ-কুলহাটী পথত নৃশংস হত্যাকাণ্ড, ১২ বছৰীয়া কিশোৰসহ এজন যুৱকক ঘপিয়াই হত্যা
শুকুৰবাৰে নিশা কুলহাটী বংশৰ পথত উদ্ধাৰ হৈছিল ৰাজমিস্ত্ৰী কামৰূপৰ শ্ৰীহাটীৰ প্ৰাণজিত দাসৰ তেজেৰে লুতুৰি–পুতুৰি মৃতদেহ।

শুকুৰবাৰে নিশা কুলহাটী বংশৰ পথত উদ্ধাৰ হৈছিল ৰাজমিস্ত্ৰী কামৰূপৰ শ্ৰীহাটীৰ প্ৰাণজিত দাসৰ তেজেৰে লুতুৰি–পুতুৰি মৃতদেহ।

  • News18 Assam
  • Last Updated: September 27, 2020, 3:08 PM IST
  • Share this:
এটা নহয়, দুটাকৈ নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল কামৰূপৰ বংশৰ। কামৰূপৰ বংশৰ-কুলহাটী পথত সংঘটিত হৈছে এই নাৰকীয় হত্যাকাণ্ড। এজন যুৱকৰ লগতে যুৱকজনৰ প্ৰেমিকাৰ ভাতৃকো হত্যা। বাইকেৰে আহি থকা অৱস্থাত ঘপিয়াই হত্যা দুয়োজনকে। কিশোৰজনক হত্যা কৰি হাত–ভৰি বান্ধি পেলাই দিলে হাজোৰ কুলহাটীৰ কলাজল নৈত।

শুকুৰবাৰে নিশা কুলহাটী বংশৰ পথত উদ্ধাৰ হৈছিল ৰাজমিস্ত্ৰী কামৰূপৰ শ্ৰীহাটীৰ প্ৰাণজিত দাসৰ তেজেৰে লুতুৰি–পুতুৰি মৃতদেহ। এই ঘটনাৰ এদিন পিছতে নৈত উদ্ধাৰ হয় অভিজিত দাস নামৰ শুৱালকুছিৰ ১২ বছৰীয়া কিশোৰজনৰ মৃতদেহ। ৰাজমিস্ত্ৰী প্ৰাণজিতৰ প্ৰেমিকাৰ ভাতৃ আছিল কিশোৰজন।

কোনে কিয় দুয়োকে বাইকেৰে আহি থকা অৱস্থাত হত্যা কৰিলে সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। একাংশ লোকৰ মতে, জুৱা খেলৰ পাবলগীয়া টকা আনিবলৈ গৈছিল ৰাজমিস্ত্ৰী প্ৰাণজিতে। লগত লৈ গৈছিল প্ৰেমিকাৰ ভাতৃ অভিজিতকো। তাৰ পিছতে নিশা ঘৰলৈ ওভতাৰ পথত হত্যা কৰে দুয়োজনকে। সমগ্ৰ ঘটনাই এতিয়া সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তত ওলাই পৰিব ঘটনাৰ প্ৰকৃত ৰহস্য।
Published by: Sanjay Kumar Das
First published: September 27, 2020, 3:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading