‘এনেকুৱা কাম নকৰিব’–শেষবাৰৰ কাৰণে সকীয়নি জুবিন গাৰ্গৰ, পিছে কাক সকীয়ালে জুবিন গাৰ্গে?

প্ৰচণ্ড খং উঠিছে জুবিন গাৰ্গৰ, পিছে এইবাৰ খং চৰকাৰৰ বিৰুদ্ধে নহয়।
প্ৰচণ্ড খং উঠিছে জুবিন গাৰ্গৰ, পিছে এইবাৰ খং চৰকাৰৰ বিৰুদ্ধে নহয়।
- News18 Assam
- Last Updated: February 20, 2020, 4:07 PM IST

জুবিন গাৰ্গৰ অভিযোগ, মানস ৰবীনৰ লগতে অন্যান্য শিল্পীৰ সৈতে জুবিন গাৰ্গ মাজত থকা সম্পৰ্ক বেয়া কৰিবলৈ এচামে এতিয়া ষড়যন্ত্ৰ কৰিছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গে ফিল্মফেয়াৰ অনুষ্ঠানৰ দিনা মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে আলিংগন কৰাৰ সময়ত ৰাজপথত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হাতত প্লে’ কাৰ্ডলৈ প্ৰতিবাদ কৰিছিল মানস ৰবীনে। লগে লগে চৰ্চা চলিছিল যে, জুবিন গাৰ্গ আৰু মানস ৰবীনৰ মাজত এতিয়া বৃদ্ধি পাইছে দূৰত্ব। নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দুয়োৰে মাজত সৃষ্টি হৈছে মত পাৰ্থক্য। আনকি যোৱা ১৬ ফেব্ৰুৱাৰীত এখন বাতৰি কাকতত মানস ৰবীনে কাক সুধি আন্দোলন কৰিছিল বুলি জুবিন গাৰ্গে প্ৰশ্ন কৰা বুলিও বাতৰি প্ৰকাশ পাইছিল।