• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta biswa Sarma: 'DC,SPৰ কাৰ্যালয়লৈ গ'লে কৰ্মচাৰীক নিদিব উৎকোচ, কৰ্মচাৰীয়ে উৎকোচ বিচাৰিলে ক'ব- CM চাৰে চাহ খোৱাবলৈ কৈছে'- কাক এই পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে?

Himanta biswa Sarma: 'DC,SPৰ কাৰ্যালয়লৈ গ'লে কৰ্মচাৰীক নিদিব উৎকোচ, কৰ্মচাৰীয়ে উৎকোচ বিচাৰিলে ক'ব- CM চাৰে চাহ খোৱাবলৈ কৈছে'- কাক এই পৰামৰ্শ দিলে মুখ্যমন্ত্ৰীয়ে?

৫ দিনীয়া কাৰ্যসূচীৰে উত্তৰ আৰু উজনি অসমলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

৫ দিনীয়া কাৰ্যসূচীৰে উত্তৰ আৰু উজনি অসমলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

৫ দিনীয়া কাৰ্যসূচীৰে উত্তৰ আৰু উজনি অসমলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

  • Share this:
'অসমত এতিয়া নতুন নিয়ম চলিছে। মহিলাসকলে চেকসমূহ লওতে চৰকাৰী বিষয়াক উৎকোচ নিদিব ৷ চৰকাৰী কাৰ্যালয়লৈ গ'লে কোনোবাই ধন বিচাৰিলে ভিডিঅ' কৰি ফেচবুকত দিব। উপায়ুক্তৰ কাৰ্যালয় বা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ গ'লে বিষয়া-কৰ্মচাৰীয়ে যদি উৎকোচ বিচাৰে, তেতিয়া কব- CM চাৰে আপোনাক চাহ খুৱাবলৈ কৈছে।'- সোমবাৰে আত্মসহায়ক গোটৰ মহিলাক চেক প্ৰদান কৰিবলৈ গৈ বিশ্বনাথ চাৰিআলিত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৫ দিনীয়া কাৰ্যসূচীৰে উত্তৰ আৰু উজনি অসমলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পুৱাই উপস্থিত হয় বিশ্বনাথত । বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ  চৰকাৰ গঠনৰ পিছতে অসমৰ ভিতৰতে প্ৰথম নতুনকৈ নিৰ্মাণ কৰা মডেল অংগনবাদী কেন্দ্ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰে বামগাঁৱত ৷

কণ কণ ছাত্ৰ ছাত্ৰীৰ লগত ঢোল বজাই আনন্দ কৰে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰী শৰ্মাই মডেল অংগণবাড়ী কেন্দ্ৰতো উদ্বোধন কৰি আগন্তুক ৩ বছৰৰ ভিতৰত নতুনকৈ দহ হাজাৰ নতুন অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ কথা জানিবলৈ দিয়ে ৷‌ লগতে অহা  ১ ফেব্ৰুৱাৰীত মাইক্ৰফাইনেঞ্চৰ ঋণৰ সাহায্য লাভ কৰিবৰ বাবে মহিলাসকলে আবেদন কৰিব পৰাকৈ নতুন পৰ্টেল মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি